ঐতিহাসিক গোবিন্দপুৰ সত্ৰত গৰুৰ ফেশ্বন শ্ব' - Cow fashion show
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11403865-thumbnail-3x2-bajali.jpg)
আজি গৰু বিহু ৷ অতীজৰে পৰা চলি অহা পৰম্পৰা ৰক্ষাৰে গৰুক গা ধুৱাই ৰাজ্যবাসীয়ে উদযাপন কৰিলে গৰু বিহু । গৰু বিহুৰ দিনাই বজালীৰ ঐতিহাসিক গোবিন্দপুৰ সত্ৰ চৌহদত অসমীয়া চহা জীৱনৰ পৰম্পৰাগত সম্পদ নাঙল, জাপি, যুঁৱলী, খৰাহী, পাচি, কোৰ, যঁতৰ, তাঁতশাল, জাল, পল’, গামোচা আদিৰে সুসজ্জিত হৈ ৰেম্পত উঠে গো-ধন । নানাৰঙী বেশ-ভূষাৰে সজোৱা হ’ল গো-ধনক । বিহুগীতৰ তালে তালে ৰেম্পলৈ আদৰি অনা হ’ল গোধনক । উল্লেখ্য যে, ৰাজ্যৰ ভিতৰতে এইখনেই একমাত্র গো-ধনক কেন্দ্ৰ কৰি পতা গৰুৰ সৌন্দর্য প্ৰতিযোগিতা ।
Last Updated : Apr 14, 2021, 10:19 PM IST