বাইহাটা আৰক্ষীৰ অভিযানত ড্ৰাগছৰ কণ্টেইনাৰ উদ্ধাৰ - DCP
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12599421-thumbnail-3x2-bai.jpg)
বাইহাটা চাৰিআলিত মঙলবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই বহুকেইটা ম’বাইল ফোন, এটা পিষ্টল আৰু 25 পেকেট ড্ৰাগছৰ কণ্টেইনাৰ উদ্ধাৰ কৰে ৷ আৰক্ষীৰ উপ সঞ্চালক (DCP)পৰ্যায়ত চলা এই অভিযানৰ নেতৃত্ব বহন কৰে আৰক্ষীৰ বিশেষ শাখাৰ দলে ৷ এই অভিযানত মহানগৰীৰ লতাশিল আৰু বাইহাটা চাৰিআলি আৰক্ষীয়ে সহযোগ কৰে । আৰক্ষীৰ দলটোৱে বাইহাটা চাৰিআলিৰ গুৱাহাটী পথৰ আগডলা, আলিপূৱ আৰু পিয়লিখাটাৰ কেইবাটাও ঘৰত অভিযান চলায় ৷ উক্ত অভিযানকালত গুটিধনৰ ঘৰৰ পৰা সামগ্ৰীখিনি উদ্ধাৰ কৰে আৰক্ষীয়ে । অভিযানত দুজন যুৱকক আটক কৰা হয় । আটকাধীন লোককেইজন আলিপূৱৰ ধন ওৰফে গুটি ধন আৰু মফিদুল ইছলাম বুলি জানিব পৰা গৈছে ৷ আৰক্ষীৰ উপস্থিতিৰ অনুমান লাভ কৰি আগডলাৰ ৰূপক ডেকাই পলায়ন কৰে ৷