AMCH ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিক উন্নত চিকিৎসাৰ বাবে GMCH লৈ স্থানান্তৰ - গুৱাহাটী চিকিৎসা মহাবিদ্যালয়

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 18, 2021, 7:59 PM IST

ক'ভিড আক্ৰান্ত অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাক্তৰ সঞ্জীৱ কাকতিৰ শাৰীৰিক অৱস্থা সংকটজনক । শৰীৰত অক্সিজেন লেভেল কমি অহাত শুকুৰবাৰে অসম মেডিকেল কলেজতে ভৰ্তি কৰোৱা হৈছিল অধ্যক্ষ গৰাকীক । বৰ্তমান উন্নত চিকিৎসাৰ বাবে এয়াৰ এম্বুলেঞ্চেৰে দিল্লীলৈ নিয়াৰ প্ৰস্তুতিৰ চলাইছিল যদিও বতৰ বেয়া হোৱা বাবে গুৱাহাটীলৈ নিয়া হয় চিকিৎসক গৰাকীক । অধ্যক্ষ গৰাকীক বৰ্তমান Semi Ventilation (NIV) দিয়া হৈছে । উল্লেখযোগ্য যে, বিশেষজ্ঞ চিকিৎসক ডাঃ বসন্ত হাজৰিকাসহ দিল্লীৰ এইমছৰ পৰা অহা এটা চিকিৎসকৰ দলে চিকিৎসা চলাই আছে সঞ্জীৱ কাকতিক । জানিবপৰা মতে, এইমছলৈ নিয়াৰ বাবে ডিব্ৰুগড়ৰ পৰা ৮ ঘণ্টা সময় লাগে ৷ কিন্তু বতৰ কিছু বেয়া হোৱাৰ বাবে আৰু ৮ ঘণ্টা সময়ৰ প্ৰয়োজন হ'ব এইমছ পোৱাৰ বাবে এয়াৰ এম্বুলেঞ্চেখনক । ইপিনে জ্যেষ্ঠ চিকিৎসকৰ পৰামৰ্শ মতে তেওঁক ৮ ঘণ্টা এয়াৰ এম্বুলেঞ্চত নিয়াৰ বাবে সম্ভৱ নহয় । যাৰ বাবে তেওঁক এইমছৰ পৰিৱৰ্তে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হৈছে এয়াৰ এম্বুলেঞ্চৰ যোগেদি । মনকৰিবলগীয়া যে, এএমচিএইচৰ অধ্যক্ষ গৰাকীৰ পত্নীও ক'ভিডত আক্ৰান্ত হৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.