অশ্বক্লান্ত দেৱালয়ত অনুষ্টুপীয়াকৈ পালন হ'ব অশোকাষ্টমী - ঐতিহাসিক অশ্বক্লান্ত দেৱালয়
🎬 Watch Now: Feature Video

মঙলবাৰে অনুষ্ঠিত হ’ব অশোকাষ্টমী মেলা । কৰ'ণাসৃষ্ট পৰিৱেশৰ মাজতে ঐতিহাসিক অশ্বক্লান্ত দেৱালয়ত অনুষ্টুপীয়াকৈ পালন কৰা হ'ব অশোকাষ্টমী । ক'ভিড প্ৰট’কল মানি অশোকাষ্টমী পালনৰ বাবে মন্দিৰ পৰিচালনা সমিতি সাজু হৈ উঠিছে । মৃতকৰ পিণ্ডদান, অস্থি নিক্ষেপৰ বাবে স্বতঃস্ফূৰ্তভাৱে কোনো লোক আহিলে ক'ভিড প্ৰট’কল এশ শতাংশই পালন কৰিব লাগিব বুলি স্পষ্টকৈ উল্লেখ কৰিছে । মন্দিৰ পৰিচালনা সমিতিয়ে মন্দিৰৰ প্ৰৱেশদ্বাৰত ভক্তসকলক চেনিটাইজ কৰি মাস্ক ব্যৱহাৰৰ লগতে নিয়মাৱলীৰ পৰামৰ্শ প্ৰদান কৰিব ।