আলফাত যোগদান কৰিবলৈ গৈ কি হ’ল যুৱকৰ ! - Youth detained for joining ULFA
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13703463-thumbnail-3x2-dc.jpg)
নাগালেণ্ডৰ মন জিলাত সোমবাৰে অসম ৰাইফলছে টীয়কৰ এজাৰগুৰিৰ এজন যুৱকক আটক কৰে । যুৱকজনে আলফাত যোগদান কৰিবলৈ যোৱা অৱস্থাত আটক কৰে অসম ৰাইফলছে । আটকাধীন যুৱকজন টীয়কৰ এজাৰগুৰিৰ সুনীল বৰা আৰু অৰ্পণা বৰাৰ একমাত্ৰ পুত্ৰ তথা মেধাৱী ছাত্ৰ অৰিন্দম বৰা বুলি জানিব পৰা হৈছে৷ অৰিন্দমে শুকুৰবাৰে ব্ৰইলাৰৰ দানা আনিবলৈ ঘৰৰ পৰা ওলাই অহাৰ পাছৰে পৰা সন্ধানহীন হৈ আছিল অৰিন্দম ৷ পিতৃ মাতৃয়ে প্ৰশাসনকো পুত্ৰ সন্ধানহীন হোৱাৰ বিষয়ে অৱগত কৰে ৷ অৱশেষত সোমবাৰে পুৱা নাগালেণ্ডৰ পৰা অহা খবৰত হতাশ হৈ পৰিছে অৰিন্দমৰ পিতৃ-মাতৃ । পুত্ৰক সুশৰীৰে ঘূৰাই দিবলৈ চৰকাৰক অনুৰোধ জনাইছে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে ৷