উত্তৰ প্ৰদেশৰ খেৰী কাণ্ডৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিবাদ - অসম ৰাজ্যিক কৃষক সভা
🎬 Watch Now: Feature Video
অসম ৰাজ্যিক কৃষক সভাৰ উদ্যোগত বুধবাৰে ৰাজ্যজুৰি প্ৰতিবাদ দিৱস পালন কৰা হয় । গুৱাহাটী মহানগৰীৰ গুৱাহাটী ৰটাৰী পইন্টত বিকল্প ব্যৱস্থা অবিহনে সকলো প্ৰকাৰৰ উচ্ছেদ বন্ধ কৰা, উচ্ছেদিত সকলক ক্ষতিপূৰণ তথা পুণৰ সংস্থাপনৰ দাবীৰ লগতে উত্তৰ প্ৰদেশৰ কৃষক হত্যাৰ প্ৰতিবাদত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ প্ৰতিবাদী কৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্য এগৰাকী জ্যেষ্ঠ বাওঁপন্থী নেতা হেমেন দাসে ৷ নগাঁৱতো সংযুক্ত কৃষক মৰ্চাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । কৃষক মৰ্চাৰ অন্তৰ্গত নিখিল ভাৰত কৃষক সভা, কৃষক মুক্তি সংগ্ৰাম সমিতি,অসম ৰাজ্যিক কৃষক পঞ্চায়ত আৰু কৃষক মহাসভাৰ সদস্যসকলে নগাঁও চহৰৰ মতিৰাম বৰা আৱক্ষ মূৰ্তিৰ স্থানত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।