অসম সত্ৰ মহাসভাৰ মধ্যকালীন অধিবেশনৰ সফল সামৰণি - Minister Atul Bora

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 7, 2021, 4:43 PM IST

অসম সত্ৰ মহাসভাৰ ৫৩ সংখ্যক মধ্যকালীন অধিৱেশনখন বোকাখাত জিলা সমিতিৰ উদ্যোগত আৰু বোকাখাতবাসী ৰাইজৰ সহযোগত শনিবাৰে তিনিদিনীয়া কাৰ্যসূচীৰে বোকাখাত নাট্যমন্দিৰত অনুষ্ঠিত হৈ যায় । ক'ভিডকালীন পৰিৱেশ আৰু চৰকাৰী নিৰ্দেশনা মাজেৰে অসমৰ ১,২৪২ খন সত্ৰৰ আংশিক প্ৰতিনিধিৰ উপস্থিতিত অধিৱেশনখন অনুষ্ঠিত কৰা হয় । অধিবেশনৰ প্ৰথম দুটা দিনত কাৰ্যনিৰ্বাহক সভা, সন্মিলন আদি অনুষ্ঠিত কৰাৰ পাছত ৬ নৱেম্বৰৰ অন্তিম দিনা ধৰ্মীয় মুকলি সভাত অসম সত্ৰ মহাসভাৰ ৰাজ্যিক সভাপতি জীতেন্দ্ৰ নাথ প্ৰধানীৰ সভাপতিত্বত এখন ধৰ্মীয় মুকলি সভা অনুষ্ঠিত হয় ৷ সভাত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী জনাৰ্দন দেৱ গোস্বামী, জ্যেষ্ঠ কেবিনেট মন্ত্ৰী তথা উদযাপন সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক অতুল বৰা, ভাৰতীয় সংস্কৃতিৰ বিশ্লেষক তীৰ্থাংক দাস কলিতা উপস্থিত থাকি ভাষণ প্ৰদান কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.