ৰাঁচী: আজি অনুষ্ঠিত হৈছে ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ পুৱা ৭ বজাৰ পৰা ঝাৰখণ্ডৰ ৪৩ খন আসনৰ বাবে ভোটগ্ৰহণ আৰম্ভ হৈছে । নিৰ্বাচন আয়োগে শান্তিপূৰ্ণ আৰু স্বচ্ছ ভোটদানৰ বাবে সম্পূৰ্ণ ব্যৱস্থা কৰা বুলি দাবী কৰিছে৷ ভোটগ্ৰহণৰ বাবে ভোটকেন্দ্ৰলৈ যোৱা নিৰ্বাচনী কৰ্মীসকলৰ মাজতো যথেষ্ট উৎসাহ দেখা গৈছে ।
একে সময়তে প্ৰথমবাৰৰ বাবে ভোটগ্ৰহণ কৰিবলৈ যোৱা মহিলা নিৰ্বাচনী কৰ্মীসকলৰ মনতো উৎসাহৰ চিন দেখা গৈছে । ৰাঁচী জিলাৰ ৫ টা বিধানসভা সমষ্টিকে ধৰি ৰাজ্যখনৰ মুঠ ৪৩ টা বিধানসভা সমষ্টিত প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা মুঠ ৬৮৩ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ১,৩৭,১০,৭১৭ গৰাকী ভোটাৰে । প্ৰায় ১০ হাজাৰ নিৰ্বাচনী কৰ্মীক ভোটগ্ৰহণ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে । উল্লেখ্য যে এই পৰ্যায়ত মুঠ ভোটাৰৰ ভিতৰত ৬৮,৭৩,৪৫৫ জন পুৰুষ; ৬৮,৩৬,৯৫৯ গৰাকী মহিলা আৰু ৩০৩ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে ।
পুৱা ৭ বজাৰ পৰা ঝাৰখণ্ডৰ মুঠ ১৫,৩৪৪ টা ভোটকেন্দ্ৰত ৬৮৩ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয়ৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে । প্ৰথম পৰ্যায়ত সাধাৰণ শ্ৰেণীৰ বাবে ১৭ খন, এছ চিৰ ০৬ খন আৰু এছ টিৰ বাবে ২০ খন আসন আছে । এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা বহু মহিলা প্ৰাৰ্থীৰ ভাগ্যও ইভিএমত বন্দী হ’ব । শান্তিপূৰ্ণ ভোটগ্ৰহণৰ বাবে নিৰ্বাচন আয়োগে মোতায়েন কৰিছে হাজাৰ হাজাৰ নিৰাপত্তাৰক্ষী । ইয়াৰ উপৰিও ১৮ হাজাৰ জিপিএছ ফিট হাই-টেক বাহনে নিৰ্বাচনী ব্যৱস্থা নিৰীক্ষণ কৰিব । ইয়াৰ উপৰিও ৱেবকাষ্টিঙৰ জৰিয়তেও নিৰীক্ষণ কৰা হ’ব ।
চেৰাইকেলা বিধানসভা আসনৰ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই সোৰেনে প্ৰথমবাৰৰ বাবে বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে৷ এই আসনৰ পৰা ঝাৰখণ্ড মুক্তি মৰ্চাই গণেশ মাহালীক প্ৰক্ষেপ কৰিছে । জামছেদপুৰ পূব বিধানসভা আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ ওড়িশাৰ ৰাজ্যপাল ৰঘুৱৰ দাসৰ বোৱাৰী পূৰ্ণিমা চাহু দাসে । তেওঁৰ প্ৰতিদ্বন্দ্বী হৈছে কংগ্ৰেছৰ প্ৰবীণ নেতা ড৹ অজয় কুমাৰ । জামছেদপুৰ পশ্চিম বিধানসভা আসনত কংগ্ৰেছ প্ৰাৰ্থী বন্না গুপ্তা আৰু এনডিএ সমৰ্থিত জেডিইউৰ প্ৰাৰ্থী সৰযু ৰায়ৰ মাজত প্ৰতিদ্বন্দ্বিতা হ’ব ।
পোটকা বিধানসভা আসনত প্ৰাক্তন মুখ্যমন্ত্ৰী অৰ্জুন মুণ্ডাৰ পত্নী মীৰা মুণ্ডাই প্ৰথমবাৰৰ বাবে বিজেপি প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে । তেওঁৰ প্ৰতিদ্বন্দ্বিতা হ’ব জেএমএমৰ প্ৰাৰ্থী সঞ্জীৱ চৰ্দাৰৰ বিৰুদ্ধে । বিজেপিৰ টিকটত জগৰনাথপুৰ বিধানসভা আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে মধু কোডাৰ পত্নী গীতা কোডাই । এইবাৰ কংগ্ৰেছ প্ৰাৰ্থী সোণৰাম সিংকুৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে গীতা কোডাই ।
চম্পাই সোৰেনৰ পুত্ৰ বাবুলাল সোৰেনে ঘাটশিলা বিধানসভা আসনৰ পৰা বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । তেওঁৰ প্ৰতিদ্বন্দ্বিতা জেএমএমৰ ৰামদাস সোৰেনৰ বিৰুদ্ধে হ’ব । লোহাৰদাগা বিধানসভা আসনত মন্ত্ৰী তথা কংগ্ৰেছ বিধায়িনী দলৰ নেতা ৰামেশ্বৰ ওৰাওৱে এন ডি এৰ প্ৰাৰ্থী আজছুৰ প্ৰাৰ্থী নীৰু শান্তি ভগতৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে ।
লগতে পঢ়ক: ৱায়নাড়ৰ উপ-নিৰ্বাচন: প্ৰিয়ংকাৰ বাবে মসৃণ হ'বনে বিজয়ৰ পথ !