ETV Bharat / politics

বঙাইগাঁৱত আঠগৰাকী প্ৰাৰ্থীৰ ভাগ্য় নিৰ্ণয় কৰিব ১৮২৩৫৪ গৰাকী ভোটাৰে - ASSAM BY POLLS 2024

Assam By Polls: বঙাইগাঁও সমষ্টিত আঠগৰাকী প্ৰাৰ্থীৰ ভিতৰত কোনে মাৰিব শেষ হাঁহি ? ৰক্ষা হ'ব নে অগপৰ গৌৰৱ ?

BONGAIGAON ASSEMBLY CONSTITUENCY
Assam By Polls (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 13, 2024, 7:41 AM IST

গুৱাহাটী: ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত উপ-নির্বাচনৰ ভোটগ্ৰহণ আজি পুৱাৰে পৰা আৰম্ভ হৈছে । বুধবাৰে পুৱা ৭ বজাৰপৰা চিদলী, বঙাইগাঁও, চামগুৰি, বিহালী আৰু ধলাই বিধানসভা সমষ্টিৰ ১,০৭৮ টা ভোটগ্রহণ কেন্দ্ৰত ভোটগ্রহণ আৰম্ভ হৈছে । উপ-নির্বাচনত সৰ্বমুঠ ৯,১২,০২৫ গৰাকী ভোটাৰে ভোটদান কৰিব । ইয়াৰে ৪,৫৫,১২৪ জন পুৰুষ, ৪,৫৬,৮৮২গৰাকী মহিলা আৰু ১৯ গৰাকী তৃতীয় লিংগৰ ভোটাৰ ।

বঙাইগাঁও সমষ্টিত আঠগৰাকী প্ৰাৰ্থী:

উপ-নির্বাচনত মুঠ ৩৪ গৰাকী প্রার্থী প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে । ইয়াৰে আঠগৰাকীয়ে প্রতিদ্বন্দ্বিতা কৰিছে বঙাইগাঁৱত সমষ্টিত । বঙাইগাঁও সমষ্টিত অৱতীৰ্ণ হৈছে আঠগৰাকী প্ৰাৰ্থী :

  1. অগপৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰী (NDA)
  2. কংগ্ৰেছৰ প্ৰাৰ্থী ব্ৰজেনজিৎ সিংহ
  3. এছ ইউ চি আইৰ প্ৰাৰ্থী মৃত্যুঞ্জয় ৰাভা
  4. নিৰ্দলীয় প্ৰাৰ্থী শৈলেন্দ্ৰ সৰকাৰ
  5. নিৰ্দলীয় প্ৰাৰ্থী অনুপ কুমাৰ কৰ্মকাৰ
  6. নিৰ্দলীয় প্ৰাৰ্থী ভদ্ৰেশ্বৰ বৰ্মন
  7. নিৰ্দলীয় প্ৰাৰ্থী গৌতম ৰায়
  8. নিৰ্দলীয় প্ৰাৰ্থী দীপক দাস

বঙাইগাঁও সমষ্টিত ১,৮২,৩৫৪ গৰাকী ভোটাৰ

বঙাইগাঁও সমষ্টিত ভোটগ্রহণ কেন্দ্ৰত ভোটদান ইতিমধ্য়ে আৰম্ভ হৈছে । ৩২ নং বঙাইগাঁও বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৮২,৩৫৪ গৰাকী । সমষ্টিটোত মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ২৪৬ টা । ইয়াৰে ৫৬ টা ভোটকেন্দ্ৰ নগৰ অঞ্চলত আৰু ১৯০ টা ভোটকেন্দ্ৰ গ্ৰামাঞ্চলত ।

বঙাইগাঁও সমষ্টিৰ ইতিহাস:

উল্লেখ্য যে যোৱা ১৯৮৫ চনৰ পৰা একেৰাহে অগপৰ ফণীভূষণ চৌধুৰীয়েই সমষ্টিটোৰ বিধায়ক হিচাপে জয়ী হৈ আহিছে । যোৱা ২০২১ চনৰ বিধানসভা নিৰ্বাচনত অগপ প্রার্থী ফণীভূষণ চৌধুৰীয়ে সমষ্টিটোত মুঠ ৮২,৮০০ টা ভোট লাভ কৰি জয়ী হৈছিল । আনহাতে, তেওঁৰ নিকটতম প্রতিদ্বন্দ্বী তথা কংগ্ৰেছ দলৰ প্ৰাৰ্থী শংকৰ প্ৰসাদ ৰায়ে লাভ কৰিছিল মুঠ ৪৪,৬৩৩টা ভোট ।

২০২১ৰ বিধানসভা নিৰ্বাচনত অগপ প্রার্থী ফণীভূষণ চৌধুৰীয়ে বঙাইগাঁৱত চৰকাৰী বি এড কলেজ নির্মাণকে ধৰি অতিৰিক্ত উন্নয়নৰ প্ৰতিশ্ৰুতিৰে সমষ্টিবাসী ৰাইজৰ সমৰ্থন বিচাৰিছিল । ইয়াৰ বিপৰীতে মূলতঃ সমষ্টিটোত ৰাজনৈতিক পৰিৱৰ্তন অর্থাৎ বিধায়ক হিচাপে চৌধুৰীৰ ৩৫ বছৰীয়া ক্ষমতাৰ অৱসান বিচাৰি আৰু সমষ্টিটোত ঔদ্যোগিকৰণৰ প্ৰতিশ্ৰুতিৰে ৰাইজৰ কাষ চাপিছিল কংগ্ৰেছ দলৰ প্রার্থী শংকৰ প্ৰসাদ ৰায়ে ।

লগতে পঢ়ক:ধলাই সমষ্টিৰ আঠগৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ১,৯৬,৭৭২ গৰাকী ভোটাৰে

আজি পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন; ইভিএমত বন্দী হ’ব ৩৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.