ETV Bharat / politics

ধলাই সমষ্টিৰ আঠগৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ১,৯৬,৭৭২ গৰাকী ভোটাৰে - ASSAM BY POLLS 2024

Assam By Poll:আজি ভোটযুদ্ধ । পুৱাৰে পৰাই আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া । সমানেই প্ৰাৰ্থীৰ মাজত বৃদ্ধি হৈছে

Dholai Assembly Constituency By Poll
ধলাই বিধানসভা সমষ্টি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 13, 2024, 7:00 AM IST

গুৱাহাটী : অসমৰ ৫ টা বিধানসভা সমষ্টিত আজি ভোটযুদ্ধ । লোকসভা নিৰ্বাচনৰ পাছত খালী হোৱা পাঁচটা বিধানসভা সমষ্টিত বুধবাৰে অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন । উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা পাঁচটা সমষ্টিৰ ভিতৰত আছে ধলাই সমষ্টি । এই সমষ্টিটোত স্বচ্ছ-নিকা আৰু শান্তিপূর্ণ নির্বাচন অনুষ্ঠিত কৰাৰ বাবে সকলো ধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে সংশ্লিষ্ট জিলা প্ৰশাসনে ।

পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈকে অনুষ্ঠিত হ'ব ভোটগ্রহণ প্রক্রিয়া । আজি ধলাই সমষ্টিৰ আঠগৰাকী প্ৰাৰ্থীৰ ভাগ্য ইভিএমত বন্দী হ'ব । পুৱাৰে পৰাই ভোটকেন্দ্ৰ সমূহত শাৰী পাতিছে ভোটাৰ ৰাইজে । সমষ্টিটোত শেষ হাঁহি কোনে মাৰিব সেয়া জানিব পৰা যাব ফলাফলত ।

নিৰ্বাচনী প্ৰক্ৰিয়া স্বচ্ছ-নিকা আৰু সুকলমে সম্পন্ন কৰাৰ বাবে নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি জিলা প্ৰশাসনে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে । ভোটকেন্দ্ৰ সমূহত ভোটাৰৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি খোৱাপানীৰ ব্যৱস্থা, শৌচালয়, পর্যাপ্ত বিদ্যুৎ যোগানৰ ব্যৱস্থা, বিশেষভাৱে সক্ষম ভোটাৰ আৰু বয়স্ক লোকৰ বাবে ৰেম্প, হুইল চেয়াৰ আদি ব্যৱস্থা কৰা হৈছে ।

ধলাই সমষ্টিৰ আঠগৰাকী প্ৰাৰ্থী :

১) বিজেপিৰ নীহাৰ ৰঞ্জন দাস (NDA)
২) কংগ্ৰেছৰ ধ্ৰুৱজ্যোতি পুৰকায়স্থ
৩) এছ ইউ চি আইৰ গৌৰ চন্দ্ৰ দাস
৪) নিৰ্দলীয় প্ৰাৰ্থী অমলেন্দু দাস
৫) নিৰ্দলীয় প্ৰাৰ্থী ধীৰাজ দাস
৬) নিৰ্দলীয় প্ৰাৰ্থী দিলীপ কুমাৰ ধুবী
৭) নিৰ্দলীয় প্ৰাৰ্থী পৰিমল দাস
৮) নিৰ্দলীয় প্ৰাৰ্থী ৰাজু দাস

ধলাই সমষ্টিৰ ভোটাৰ আৰু ভোটকেন্দ্ৰ :

১) সমষ্টিটোৰ মুঠ ভোটাৰ ১,৯৬,৭৭২ গৰাকী
২) ভোটকেন্দ্ৰৰ সংখ্যা ২০৮ টা
৩) চাৰ্ভিচ ভোটাৰ ৫৩৪ গৰাকী
৪) বিশেষভাৱে সক্ষম ভোটাৰ ১১২৫ গৰাকী
৫) ৮৫ বছৰৰ ঊৰ্দ্ধৰ ভোটাৰৰ সংখ্যা ৬৮৩ গৰাকী

ধলাই সমষ্টিৰ ৰূপৰেখা :

ধলাই সমষ্টিটো প্ৰায়ে কংগ্ৰেছ আৰু বিজেপি দলে দখল কৰি আহিছে । ২০১৬ চনৰ পৰা সমষ্টিটোৰ পৰা একেলেথাৰিয়ে বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছিল পৰিমল শুক্লবৈদ্য । ২০২৪ৰ লোকসভা নিৰ্বাচনত সাংসদ হিচাপে তেওঁ নিৰ্বাচিত হয় । যাৰ বাবে সমষ্টিটোত অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন । ২০১১ চনৰ পৰা ২০১৬ চনলৈ ধলাই সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল কংগ্ৰেছৰ গিৰীন্দ্ৰ মল্লিকে । ইয়াৰ পূৰ্বে ২০০১ চনৰ পৰা ২০১১ চনলৈ সমষ্টিটোক প্ৰতিনিধিত্ব কৰিছিল বিজেপিৰ পৰিমল শুক্লবৈদ্যই ।

সেইদৰে ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ পৰিমল শুক্লবৈদ্যয়েই সমষ্টিটোক প্ৰতিনিধিত্ব কৰিছিল । আনহাতে, ১৯৯৬ চনৰ পৰা ২০০১ চনলৈ সমষ্টিটোৰ বিধায়ক আছিল কংগ্ৰেছৰ গিৰীন্দ্ৰ মল্লিক । ২০২১ চনৰ বিধানসভা নিৰ্বাচনত ধলাই সমষ্টিৰ পৰা জয়ী হোৱা বিজেপিৰ পৰিমল শুক্লবৈদ্যই ৮২,৫৬৮ টা ভোট (৫৫.০৩ শতাংশ) লাভ কৰিছিল । আনহাতে, কংগ্ৰেছৰ কামাখ্যা প্ৰসাদ মালাই লাভ কৰিছিল ৬২,১৭৬ টা ভোট (৪১.৪৪ শতাংশ) । কংগ্ৰেছৰ কামাখ্যা প্ৰসাদ মালা ২০,৩৯২ ভোটৰ ব্যৱধানত পৰাজিত হৈছিল । ন’টাত ভোট পৰিছিল ১৫৬১ টা (১.০৪ শতাংশ)।

লগতে পঢ়ক:বিহালীত ১,৩২,৫৭৯ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ৪ গৰাকী প্ৰাৰ্থীৰ

চামগুৰি সমষ্টিৰ ৰাজনৈতিক ইতিহাস আৰু ২০২৪ ৰ উপ-নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.