শিৱসাগৰ নগৰত উদ্ধাৰ বোমাসদৃশ সামগ্ৰী - BOMB SCARE IN SIVASAGAR
🎬 Watch Now: Feature Video


Published : Nov 12, 2024, 7:02 PM IST
শিৱসাগৰ: শিৱসাগৰ নগৰত বোমাৰ আতংক । নগৰখনৰ টেম্পল ৰোডৰ ১০ নং দোকানৰ সমুখত এখন পৰিত্যক্ত মোনাত বোমাসদৃশ সামগ্ৰী প্ৰত্যক্ষ কৰি আৰক্ষীক ৰাইজে অৱগত কৰে । ইলেক্ট্ৰিকেল তাঁৰ, বেটাৰী আৰু চুটলি ৰচীৰে মেৰিয়াই থোৱা বোমাসদৃশ সামগ্ৰী দেখি নগৰখনত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় । শিৱসাগৰ আৰক্ষীয়ে ততাতৈয়াকৈ বিস্ফোৰকৰোধক কম্বলেৰে উক্ত বোমাসদৃশ সামগ্ৰী মেৰিয়াই নিৰাপদ স্থানলৈ লৈ যায় ।
পৰৱৰ্তী সময়ত আৰক্ষীয়ে তথ্য প্ৰকাশ কৰাৰ পিছতহে পোহৰলৈ আহিব এয়া প্ৰকৃততে বোমা নে আন কিবা । উল্লেখযোগ্য যে বিগত দিনত শিৱসাগৰত আলফাৰ দ্বাৰা অপহৰণৰ পৰিকল্পনা ফাদিল হোৱাৰ পাছতে শিৱসাগৰৰ বহু কেইজন ব্যৱসায়ীক আলফাৰ দ্বাৰা ধনদাবী কৰি থকাৰ সম্ভেদ লাভ কৰা হৈছে । এনে পৰিপ্ৰেক্ষিতত উদ্ধাৰ হোৱা বোমাসদৃশ সামগ্ৰী সততে সাধাৰণ জনতাৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে ।