সৰুপথাৰত সামৰণি পৰিল অসম ৰাইফলচৰ ৭৫ কি:মি: চাইকেল ৰেলী - ৭৫ তম স্বাধীনতা দিৱস
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13141089-thumbnail-3x2-jsjs.jpg)
স্বাধীনতাৰ অমৃত মহোৎসৱত সংগতি ৰাখি অসম ৰাইফলচৰ ডিমাপুৰস্থিত কেম্পৰ পৰা উলিওৱা চাইকেল ৰেলীৰ সৰুপথাৰস্থিত বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ কুশল কোঁৱৰ স্মৃতি মঞ্চত সামৰণি পৰে । ৭৫ তম স্বাধীনতা দিৱসৰ উপলক্ষে এই চাইকেল ৰেলীত ৭৫ জন অসম ৰাইফলচৰ বিষয়া-জোৱানে ৭৫ কি:মি:ৰ দূৰত্বৰ অতিক্ৰম কৰে । এই চাইকেল ৰেলীৰ সামৰণি অনুষ্ঠানত অসম ৰাইফলচৰ জোৱান সকলক ধনশিৰি মহকুমাৰ প্ৰশাসনৰ লগতে বিভিন্ন দল-সংগঠনে আদৰণি তথা সম্ভাষণ জনায় ৷ অনুষ্ঠানত বিভিন্ন কাৰ্যসূচীৰ লগতে স্বাধীনতা সংগ্ৰামী কুশল কোঁৱৰৰ বোৱাৰী হিৰণী কোঁৱৰ, নাতী মৃদুল কোঁৱৰক অসম ৰাইফলচৰ ফালৰ পৰা সম্ভাষণ জনোৱা হয় । কাৰ্যসূচীত অসম ৰাইফলচৰ ট্ৰেইনিং চেন্টাৰ আৰু স্কুলৰ ডিআইজী সুৰেশ কুমাৰ সুৰান্ত, অতিৰিক্ত ডিআইজি কৰ্ণেল বিক্ৰম, সৰুপথাৰৰ ৰাজহ চক্ৰ বিষয়া হেমাংগ নবী বিশ্বাস, ধনশিৰি মহকুমাৰ সীমান্ত দণ্ডাধীশ প্ৰাঞ্জিল গগৈৰ আদি উপস্থিত থাকে ৷