কিয় ৰাজ কুন্দ্ৰাৰ অফাৰ প্ৰত্যাখ্যান ঈশিকা বৰাৰ? - শিল্পা শেট্টীৰ স্বামী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12530075-thumbnail-3x2-i.jpg)
মায়ানগৰী মুম্বাইৰ এটি ঘটনা সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে দেশৰ একাধিক সংবাদ মাধ্যমত । শেহতীয়াকৈ পৰ্ণগ্ৰাফী তথা অশ্লীল ৱেব চিৰিজ (Web Series) নিৰ্মাণ সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে আটক কৰিছে বলীউডৰ মোহময়ী অভিনেত্ৰী শিল্পা চেট্টী কুন্দ্ৰাৰ (Shilpa Shetty)ৰ স্বামী তথা ব্যৱসায়ী ৰাজ কুন্দ্ৰা (Raj Kundra)ক । ৰাজ কুন্দ্ৰাৰ ৱেব চিৰিজত কাম কৰিবৰ বাবে সুযোগ লাভ কৰিছিল অসমৰ এগৰাকী যুৱতী মডেলে । প্ৰায় 15 বছৰৰ পূৰ্বেই মুম্বাইত সু-প্ৰতিস্থিত হৈছিল নগাঁৱৰ কামপুৰৰ যুৱতী মডেল ঈশিকা বৰা (Ishika Bora) । 2019 চনত এনে এক সুযোগ লাভ কৰিও প্ৰত্যাখ্যান কৰিছিল ইশিকাই । এই সন্দৰ্ভত সকলো কথা ফাদিল কৰাৰ লগতে এই পেচাৰ সৈতে জড়িত অসমৰ নৱপ্ৰজন্মৰ মডেলসকলক মডেলিঙৰ ক্ষেত্ৰখনত অধিক সতৰ্ক হ’বলৈ আহ্বান জনায় ঈশিকাই ৷