কৰ'ণাৰ আতংকঃ হোজাইত পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে - কৰ'ণা প্ৰতিৰোধ পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে হোজাইত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 6, 2020, 5:27 PM IST

কৰ'ণা প্ৰতিৰোধৰ সামগ্ৰিক পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে হোজাইত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । ভাৰতীয় বায়ুসেনাৰ এখন বিশেষ বিমানেৰে জিলাখনৰ সদৰ শংকৰদেৱ নগৰৰ কাছাৰী ময়দানত দিনৰ ১ বজাত উপস্থিত হয় মুখ্যমন্ত্ৰী সোণোৱাল । মুখ্যমন্ত্ৰী সোণোৱালে হোজাইৰ উপায়ুক্ত কাৰ্যালয়ত জিলাখনৰ দুই বিধায়ক শিলাদিত্য দেৱ,শিবু মিশ্ৰ, উপায়ুক্ত,আৰক্ষী অধীক্ষক,উচ্চ পদস্থ বিষয়া,স্বাস্থ্য বিভাগৰ লগত জিলাখনৰ সামগ্ৰিক পৰিস্থিতি পৰ্যালোচনা কৰাৰ লগতে এক আলোচনাত মিলিত হয় | সাংবাদিকক সম্বোধন কৰি মুখ্যমন্ত্ৰী সোণোৱালে কৰ'ণা প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসন আৰু বিধায়ক দুগৰাকীয়ে লোৱা পদক্ষেপক আদৰণি জনায় । জিলাখনৰ সাংবাদিক সকলৰ ভূমিকাকো প্ৰশংসা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.