এক মিলি মিটাৰ কাগজত নাও সাজি ইণ্ডিয়া বুক অফ ৰেকৰ্ডত উজলিল বিষ্ণু বৰ্ণিল গোস্বামী - নাও
🎬 Watch Now: Feature Video
আপুনি বাৰু পাৰিবনে এক মিলি মিটাৰৰ এখন কাগজৰ টুকুৰাত নাও সাজিবলৈ ? নিশ্চকৈ এই কাম কিছু কঠিন হ’ব ৷ কিন্তু এই অসাধ্য কাম অতি সহজে কৰিবলৈ সক্ষম হৈছে এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰই ৷ নাম বিষ্ণু বৰ্ণিল গোস্বামী ৷ একাগ্ৰতা আৰু ধৈৰ্য থাকিলে যে, অসম্ভৱ কামো সম্ভৱ কৰি তুলিব পাৰি, এই কথাষাৰ প্ৰমাণ কৰি দেখুৱালে যোৰহাটৰ জানখনা গাঁৱৰ বিষ্ণু বৰ্ণিলে ৷ এক মিলি মিটাৰ কাগজৰ টুকুৰাত মাত্ৰ ২ মিনিট ১৫ ছেকেণ্ডত এখন সুন্দৰ নাও সাজি ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰিলে যোৰহাটৰ বিষ্ণু বৰ্ণিল গোস্বামীয়ে ৷ ভৱিষ্যতে এজন অভিযন্তা হোৱাৰ সপোন পুহি ৰাখিছে ছাত্ৰ জনে ৷ বিষ্ণু বৰ্ণিল গোস্বামীৰ এই সফলতাত স্বাভাৱিকতেই আনন্দিত হৈ পৰিছে পৰিয়াল তথা আত্মীয় ৷ ইটিভি ভাৰতৰ তৰফৰ পৰাও জনালো বিষ্ণু বৰ্ণিল গোস্বামীৰ ভৱিষ্যতৰ যাত্ৰা দীঘলীয়া হোৱাৰ বাবে থাকিল অযুত শুভকামনা ৷