গো-সুৰক্ষা বিধেয়ক : কোনে কি কয় ? - অসম বিধানসভা
🎬 Watch Now: Feature Video
"ভাৰত মাতা কি জয়" ধ্বনিৰে অসম বিধানসভাত শুকুৰবাৰে বিয়লি গৃহীত হ'ল বহু চৰ্চিত গো-সুৰক্ষা বিধেয়ক । বিৰোধী পক্ষই বিধেয়কখন সন্দৰ্ভত সৰ্বমুঠ ৭৬ টা সংশোধনী সদনত দাখিল কৰিছিল আৰু এই বিধেয়কখন গৃহীত কৰাৰ পৰিৱৰ্তে বিধানসভাৰ বাচনি সমিতি (Select Committee) লৈ প্ৰেৰণ কৰাৰ দাবী তুলিছিল । কিন্তু বিৰোধী পক্ষৰ এনে দাবী সদনত একপ্ৰকাৰ নস্যাৎ হয় আৰু বিয়লি ধ্বনি ভোটৰ মাজেৰে বিধেয়কখন বিধানসভাত গৃহীত হোৱাৰ লগে লগে অসমৰ ৰাজনীতি আৰু সমাজ জীৱনত এক নতুন ইতিহাসৰ ৰচনা হয় । গো-সুৰক্ষা বিধেয়ক সন্দৰ্ভত নিজৰ মন্তব্য আগবঢ়াইছে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷ চাওক কি ক’লে বিজেপিৰ সভাপতিগৰাকীয়ে...
Last Updated : Aug 14, 2021, 3:03 PM IST