অৰুণোদয় আচঁনি কৰ্মীৰ পদ নিয়মীয়াকৰণ কৰিবলৈ চৰকাৰক আহ্বান - assam government
🎬 Watch Now: Feature Video
সদৌ অসম অৰুণোদয় সহায়ক সন্থাৰ কৰ্মীৰ পদসমূহ নিয়মীয়াকৰণ কৰিবলৈ ৰাজ্য চৰকাৰলৈ আহ্বান ৷ বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে সমাজৰ দৰিদ্ৰ জনসাধাৰণৰ মংগলৰ বাবে সমগ্ৰ ৰাজ্যখনতে ৰূপায়ন কৰিছিল অৰুনোদয় আচঁনি ৷ এই অভিলাষী আচঁনিখন ৰূপায়ণত অস্থায়ীভাৱে কাম কৰিছিল বহু শিক্ষিত নিৱনুৱা যুৱকসকলে ৷ বৰ্তমান আচঁনিখন ৰূপায়ন কৰা হ’ল যদিও আচঁনিখনৰ লগত নিয়োজিত ৫০৪ জন সহায়ক কৰ্মীৰ চাকৰি বৰ্তমানেও ৰাজ্য চৰকাৰে নিয়মীয়াকৰণ কৰা নাই ৷ ফলত এইসকল কৰ্মীৰ পদসমূহ যাতে ৰাজ্য চৰকাৰে নিয়মীয়াকৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে কাতৰ আহ্বান জনাইছে সদৌ অসম অৰুণোদয় সহায়ক সন্থাই ৷