চৰকাৰৰ বিৰুদ্ধে সদৌ অসম যাত্ৰাদল প্ৰযোজক সন্থাৰ প্ৰতিবাদ
🎬 Watch Now: Feature Video
নতুন এছ অ' পিক (SOP) লৈ অসন্তুষ্ট সদৌ অসম যাত্ৰাদল প্ৰযোজক সন্থা । যাৰ বাবে অসমৰ ভিন্ন প্ৰান্তত থকা আখৰাগৃহসমূহত সোমবাৰে সন্ধিয়া ৰূপায়ণ কৰা হয় প্ৰতিবাদী কাৰ্যসূচীৰ । চৰকাৰৰ বিৰুদ্ধে সৰ্থেবাৰীৰ ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্য দলৰ আখৰাগৃহতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । প্ৰযোজকৰ লগতে অভিনেতা-অভিনেত্ৰী আৰু শিল্পীসকলে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে । চৰকাৰে দুৰ্গা পূজাত সাংস্কৃতিক অনুষ্ঠান বাতিল কৰাৰ সিদ্ধান্তৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে ভ্ৰাম্যমাণ নাট্য দলৰ শিল্পী তথা কলা-কুশলীসকলে । পূজাৰ সময়ত যাত্ৰাদলক নাট পৰিৱেশন কৰাৰ সুবিধা প্ৰদানৰ বাবে চৰকাৰক দাবী জনাই প্ৰতিবাদকাৰীসকলে । ক'ভিড প্ৰট'কল (Covid protocol) মানিও যাত্ৰাদলে নাটক কৰিব পাৰে বুলি দাবী কৰে যাত্ৰা দলৰ প্ৰযোজক সন্থাই ।