ডিফুত APHLC ৰ সাত প্ৰতিবাদকাৰীক আটক - সভাপতি জন ইংতি কাথাৰ
🎬 Watch Now: Feature Video
কাৰ্বি আংলং জিলাৰ ছটাকৈ উগ্ৰপন্থী সংগঠনৰ সৈতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত শান্তিচুক্তি স্বাক্ষৰিত হোৱাৰ পিছৰেপৰা চুক্তিখনৰ বিৰোধিতাৰে জিলাখনত বাহাল আছে উত্তপ্ত পৰিস্থিতি ৷ ইয়াৰ মাজতে শনিবাৰে সন্ধিয়া ডিফু চহৰত এপিএইচএলচি(APHLC)ৰ এক জোৰ সমদলক কেন্দ্ৰ কৰি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ উল্লেখ্য যে, শনিবাৰে সন্ধিয়া অল পাৰ্টি হিলছ লীডাৰ্ছ কনফাৰেন্স চমুকৈ এপিএইচএলচিৰ সভাপতি জন ইংতি কাথাৰৰ নেতৃত্বত ডিফু-লামডিং পথৰ ছয় কিলোমিটাৰত চুক্তিৰ বিৰোধিতা কৰি এক জোৰ সমদল উলিওৱা হয়৷ আৰক্ষীয়ে উক্ত সমদলত বাধা প্ৰদান কৰাৰ লগতে কেইবাগৰাকীও প্ৰতিবাদকাৰীক আটক কৰে আৰু সমদলত আৰক্ষীয়ে বাধা প্ৰদান কৰাক লৈয়ে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ গণতান্ত্ৰিকভাৱে সাব্যস্ত কৰা প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰা কাৰ্যক গৰিহণা দি সভাপতি জন ইংতি কাথাৰে 1500 কোটি টকাত দিল্লীৰ হাতত কাৰ্বি আংলঙক বিক্ৰী কৰা বুলি ক্ষোভ প্ৰকাশ কৰে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা প্ৰতিবাদকাৰীসকল ক্ৰমে ৰবীনচন ইংতি, বিদৰছিং ৰংপি, ৰোহিত তিমুং, লিপচন ইংতি, দিলীপ ৰংফাৰ, সঞ্জয় ক্ৰামছা আৰু ৰংবং তেৰাং বুলি জানিব পৰা গৈছে ৷