নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ - অনুসুচীত জাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতি
🎬 Watch Now: Feature Video
অনুসূচিত জাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিয়ে শুকুৰবাৰে নুমলীগড় শোধনাগাৰৰ মূখ্যদ্বাৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । অনুসূচিত জাতিৰ সংৰক্ষিত পদত ভূৱা প্ৰমাণপত্ৰৰে শোধনাগাৰত চাকৰি কৰি থকা ১৫ গৰাকী বিষয়া-কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বনৰ দাবীত শোধনাগাৰৰ মুখ্যদ্বাৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইয়াৰ লগতে অনুসূচিত জাতিৰ সংৰক্ষিত পদত চাকৰিত নিযুক্ত প্ৰতিজনৰ জাতিগত প্ৰমাণপত্ৰ পৰীক্ষণ আৰু অনুসূচিত জাতিৰ ৫০০ নিবনুৱা যুৱক-যুৱতীক প্ৰত্যক্ষ আৰু পৰোক্ষ নিযুক্তিৰ দাবী কৰে সংগঠনটোৱে । ছাত্ৰ সংগঠনটোৱে লগতে বিগত প্ৰায় ৪ বছৰৰ পৰা এই বিষয়টো উত্থাপন কৰি ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে যদিও এন আৰ এল কৰ্তৃপক্ষই গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তুলিছে । এসপ্তাহৰ ভিতৰত শোধনাগাৰ কৰ্তৃপক্ষই স্থিতি স্পষ্ট নকৰিলে জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিয়ে ৷