প্ৰকৃতিৰ অপূৰ্ব সৃষ্টি টোকোৰা চৰাই ! - টোকোৰা চৰাইৰ বাহ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-7192862-thumbnail-3x2-kk.jpg)
সম্প্ৰতি অস্তিত্বৰ সংকট আহি পৰিছে বিশেষ এটা প্ৰজাতিৰ চৰাইৰ বাবে । টোকোৰা চৰাই ! যাক কোৱা হয় ঘৰ সজাৰ অভিযন্তা । অসমৰ গ্ৰামাঞ্চলত সততে দেখিবলৈ পোৱা এই চৰাইবিধে তামোল গছত সুন্দৰকৈ বাহ সাজি জীৱন যাপন কৰে । তামোল গছৰ পাতত বিশেষ ধৰণেৰে বাহ সাজি বসতি কৰে টোকোৰা চৰাইয়ে । চৰাইবিধৰ বাহ সজা কলা-কৌশল সঁচাকৈয়ে চকুতলগা ।
সাধাৰণতে এইবিধ চৰায়ে তামোল গছতহে বাহ সাজে যদিও, শিৱসাগৰৰ দিখৌমুখত কুঁহিয়াৰ গছ আৰু মধুৰিআম গছতো বাহ সজা দেখিবলৈ পোৱা গৈছে । মানুহৰ সংগৰ পৰা নিলগত থাকিব বিচৰা চৰাইবিধ যেন মানুহৰ কাষলৈহে আহিব বিচাৰিছে । এইয়া কেৱল সম্ভৱ হৈ উঠিছে দিখৌমুখৰ লোকৰ প্ৰকৃতি প্ৰেমৰ বাবে ।