জ্ঞানপীঠ বঁটাৰে সন্মানীত কৰিলে যদিও আক্ষেপ ৰৈ গ'ল নীলমণি ফুকনৰ পৰিয়ালৰ - নীলমণি ফুকনৰ পুত্ৰ অমিতাভ ফুকনৰ প্ৰতিক্ৰিয়া
🎬 Watch Now: Feature Video

"সূৰ্য হেনো নামি আহে এই নদীয়েদি", "গোলাপী জামুৰ লগ্ন", "নিৰ্জনতাৰ শব্দ" আদি অনেক কালজয়ী সৃষ্টি সম্ভাৰেৰে অসমীয়া সাহিত্যৰ ভঁৰালটো সমৃদ্ধ কৰা কাব্যঋষি নীলমণি ফুকনক ভাৰতৰ সৰ্বোচ্চ সাহিত্য সন্মান "জ্ঞানপীঠ বঁটা"(India's highest literary honour Jnanpith Award) ৰে বিভূষিত কৰাৰ খবৰে আনন্দৰ জোৱাৰ তুলিছে ডিব্ৰুগড়ৰ চিৰিং চাপৰিস্থিত পুত্ৰ অমিতাভ ফুকনৰ বাসগৃহত । নীলমণি ফুকনক এই বঁটা((Jnanpith Award to prominent assamese poet Nilmani Phookan)) দিয়াত চৰকাৰক কৃতজ্ঞতা জনালেও আক্ষেপ প্ৰকাশ কৰিছে পুত্ৰ অমিতাভ ফুকনে । তেওঁ কয় যে, দেউতা জীৱনৰ এতিয়া বিয়লি বেলাত । তেখেত শাৰীৰিক তথা মানসিকভাৱে ৰোগাগ্ৰস্ত। তেখেতে জ্ঞানপীঠ বঁটাৰ আনন্দক এতিয়া চাগে উপভোগ কৰিব নোৱাৰিব । চৰকাৰে পূৰ্বেই এই বঁটা দিয়া হ'লে বঁটা লাভ কৰাৰ আনন্দ উপভোগ কৰিব পাৰিলে হয় । তথাপিও তেওঁৰ সৃষ্টিৰাজিক চৰকাৰে স্বীকৃতি দিয়াত আমি ধন্য হৈছো ।