আজি চিলাপথাৰত ভূৱন পেগুৰ হৈ প্ৰচাৰ চলাব অমিত শ্বাহে - Assam assembly election
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11105718-thumbnail-3x2-d.jpg)
আজি ধেমাজি জিলাৰ চিলাপথাৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ ১১৪ নং জোনাই সমষ্টিৰ বিজেপি মিত্ৰজোটঁৰ প্ৰাথী ভূৱন পেগুৰ হৈ প্ৰচাৰ চলাব কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৷ এই প্ৰচাৰ সভাৰ বাবে চিলাপথাৰৰ ৰেচিডেন্সিয়েল খেলপথাৰত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যবস্থা ৷ প্ৰায় 30ৰ পৰা 40 হাজাৰ লোকৰ বাবে সাজু কৰি তোলা হৈছে সভাস্থলী ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এই নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব ৷