নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে ধেমাজিত AJYCP ৰ প্ৰতিবাদ - ধেমাজিত AJYCP ৰ প্ৰতিবাদ
🎬 Watch Now: Feature Video

ধেমাজিৰ গেৰুকামুখস্থিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ সাব্যস্ত ৷ আনহাতে নদীবান্ধ বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বক চৰকাৰে দমন আৰু ভয় ভাবুকি প্ৰদান কৰাৰ বিৰুদ্ধে ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মখত এক বিক্ষোভ কাৰ্যসূচী ৰুপায়ণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে ৷ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰি নদীবান্ধ বিৰোধী আৰু চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল পৰিৱেশ সৃষ্টি কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শতাধিক কৰ্মীয়ে ৷ উল্লেখ্য যে, প্ৰায় 1 ঘণ্টা ধৰি কৰা এই উত্তাল প্ৰতিবাদত ধেমাজি প্ৰশাসন বিব্ৰত হৈ পৰে ৷ ইফালে ধেমাজি জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে চৰকাৰৰ দমনমূলক নীতিক তীব্ৰ গৰিহণা দি নদীবান্ধ বন্ধ নোহোৱাৰ পৰ্যন্ত যুৱ ছাত্ৰ পৰিষদ ক্ষান্ত নহয় বুলি দৃঢ় মত প্ৰকাশ কৰে ৷