অসম চুক্তি ৰূপায়ণৰ দাবীত বৰপেটাত অসম জাতীয় পৰিষদৰ প্ৰতিবাদ

By

Published : Sep 14, 2021, 8:19 PM IST

Updated : Sep 14, 2021, 10:39 PM IST

thumbnail

অসমীয়া জাতিৰ সুৰক্ষা আৰু অসম চুক্তিৰ আত্মা 5 আৰু 6 নং দফা কাৰ্যকৰী কৰাৰ দাবীত মঙলবাৰে বৰপেটাত অসম জাতীয় পৰিষদে ৰূপায়ন কৰে ‘জাতীয় গৰ্জন’ কাৰ্যসূচী ৷ অসম জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিৰ নেতৃত্বত অসম চুক্তি ৰূপায়ণ কৰা, 6 নং দফাৰ জৰিয়তে অসমীয়া জাতিৰ ৰক্ষাকৱচ গ্ৰহণ কৰা তথা নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷ বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত শতাধিক জাতীয় পৰিষদৰ প্ৰতিবাদকাৰীয়ে চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ ইপিনে অসম চুক্তিক লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দুমুখীয়া নীতি গ্ৰহণ কৰা বুলিও অভিযোগ তোলে প্ৰতিবাদকাৰী সকলে ৷

Last Updated : Sep 14, 2021, 10:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.