thumbnail

By

Published : Sep 14, 2021, 7:11 PM IST

ETV Bharat / Videos

CAA ৰ বিৰোধিতাৰে ৰাজ্যত আৰম্ভ জাতীয় গৰ্জন কাৰ্যসূচী

মহামাৰী ক'ভিড-১৯ ৰ সংক্ৰমণ কিছু হ্ৰাস পোৱাৰ লগে লগে ৰাজ্যত পুনৰ আৰম্ভ হৈছে কা' বিৰোধী আন্দোলন । নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে মঙলবাৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসম জাতীয় পৰিষদে । সমগ্ৰ ৰাজ্যখনৰ লগতে নগাঁৱতো অসম জাতীয় পৰিষদৰ নগাঁও জিলা সমিতিয়ে জাতীয় গর্জন কাৰ্যসূচী ৰূপায়ন কৰে । নগাওঁ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অসম জাতীয় পৰিষদৰ সদস্য সকলে খোল-তাল-নাগাৰাৰ ধ্বনিৰে ৰূপায়ন কৰা জাতীয় গর্জন কাৰ্যসূচীৰ জৰিয়তে কা' বাতিল কৰা, অসম চুক্তি ৫ নং আৰু ৬ নং দফা শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ চৰকাৰক দাবী জনায় । পৰিষদৰ সদস্য সকলে উল্লেখিত দাবীৰ সন্দৰ্ভত বিভিন্ন শ্ল'গান দি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে । অসম চুক্তিৰ ৰূপায়নত বৰ্তমানৰ চৰকাৰে শক্তিশালী পদক্ষেপ গ্ৰহণ নকৰাত জাতীয় পৰিষদে বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠে । অসমৰ ৰাইজে বিজেপিক চৰকাৰ গঠন কৰিবলৈ ৰায়দান কৰিছে যদিও অসমৰ ৰাইজে কোনো কাৰণত কা' সমৰ্থন কৰা নাই । জাতিধ্বংসী কা' অসমৰ ৰাইজে কোনো কাৰণত গ্ৰহণ নকৰে বুলিও মন্তব্য কৰে অসম জাতীয় পৰিষদৰ নেতাই । নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমবাসীয়ে আৰম্ভ কৰা আন্দোলন শেষ হোৱা নাই বুলিও উল্লেখ কৰি কেৱল ক’ৰণা সৃষ্ট পৰিবেশৰ প্ৰতি লক্ষ্য ৰাখি কা' বিৰোধী আন্দোলন স্থগিত ৰাখিছিল বুলি মন্তব্য কৰে অসম জাতীয় পৰিষদৰ নগাঁও জিলা সমিতিয়ে । লগতে বিজেপি চৰকাৰে জাপি দিব বিচৰা নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰা পৰ্যন্ত আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰে আঞ্চলিক ৰাজনৈতিক দলটোৰ নগাঁও জিলা সমিতিয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.