জ্যোতিপ্ৰসাদ দাসক বিপুল আদৰণি অগপৰ কৰ্মী,সমৰ্থকৰ - জ্যোতিপ্ৰসাদ দাস
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11011336-thumbnail-3x2-agp.jpg)
বকো বিধানসভা সমষ্টিত মিত্ৰজোটৰ সমৰ্থিত অগপৰ প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসক নিশা সমৰ্থকে বিপুল আদৰণি জনায় । গুৱাহাটীৰ পৰা টিকট লৈ সমষ্টিলৈ উভতি অহাৰ পিচতে দলীয় সমৰ্থকসকলে দলৰ কাৰ্যালয়ৰ সন্মুখত ফটকা ফুটাই আনন্দ-উল্লাস কৰে । অগপৰ ঘোষিত তৃতীয়খন তালিকাত অসম গণ পৰিষদে জ্যোতিপ্ৰসাদ দাসক বকো সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদানৰ পিছত এইদৰে ফটকা ফুটাই আনন্দ-উল্লাস কৰে । বিৰোধীক পৰাভূত কৰিবলৈ এইবাৰ শক্তিশালী ৰূপত যুঁজ দিবলৈ সাজু বুলি জানিবলৈ দিয়ে প্ৰাক্তন বিধায়ক তথা মিত্ৰজোটৰ প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসে ।