thumbnail

By

Published : Oct 29, 2021, 1:40 PM IST

ETV Bharat / Videos

পৰ্যটকৰ বাবে মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি ৰেঞ্জ

শুকুৰবাৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি ৰেঞ্জ ৷ শুকুৰবাৰে পুৱা অগৰাতলি বন বিভাগৰ দ্বাৰা আয়োজিত এক অনুষ্টুপীয়া অনুষ্ঠানৰ মাজেদি মুকলি কৰা হয় বনাঞ্চলখন ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিভ্ৰমী পক্ষীৰ বাবে বিখ্যাত এই অগৰাতলি বনাঞ্চলখনক পৰ্যটকৰ বাবে মুকলি কৰাৰ সময়ত উপস্থিত থাকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰ, ডি এফ অ’ ৰমেশ গগৈ, বোকাখাত মহকুমা প্ৰশাসন আৰু বন বিভাগৰ বিষয়াসকল । এই অগৰাতলি বনাঞ্চলতে দেখা পোৱা যায় ৪৭৮ বিধ পৰিভ্ৰমী পক্ষীৰ প্ৰজাতি । উল্লেখ্য যে, ভদীয়া বানৰ কৱলত পৰা বনাঞ্চলখনৰ আভ্যন্তৰীণ বাট-পথৰ অৱস্থা বাহন চলাচলৰ অনুপযোগী হৈ থকাৰ বাবেই কিছু পলমকৈ ইয়াক মুকলি কৰা হৈছে । পৰ্যটকসকলে অগৰাতলি বনাঞ্চলৰ ৰঙামতীয়া বন শিবিৰ এলেকালৈকে জীপ চাফাৰী কৰিব পাৰিব । মুঠ ২৪ কিল’মিটাৰ ব্যাসাৰ্দ্ধৰ অগৰাতলী বনাঞ্চলত মুকলিৰ প্ৰথম দিনটোতেই যথেষ্ট পৰ্যতকৰ আগমন ঘটিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.