thumbnail

By

Published : Feb 24, 2021, 10:30 PM IST

ETV Bharat / Videos

তিনিচুকীয়া উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আটাছুৰ অৱস্থান ধৰ্মঘট

পাঁচ দফীয়া দাবীৰে তিনিচুকীয়া উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ 3 ঘন্টীয়া অৱস্থান ধৰ্মঘট ৷ আহোম জনজাতিক জনজাতিকৰণ নিদিয়াৰ বাবে বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে সংগঠনটোৱে ৷ আজি তিনিচুকীয়াৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত তাই আহোম জনগোষ্ঠীৰ লগতে আন 5 জনগোষ্ঠীক (মৰাণ, মটক, কোচ ৰাজবংশী, চুতীয়া, চাহ জনজাতিক জনজাতিকৰণ প্ৰদান কৰা, পৰিৱেশ প্ৰভাৱ মূল্যায়ন (EAI) আইন বাতিল কৰা, কা বাতিল কৰা, অখিল গগৈক মুক্তি দিয়া, অসমৰ পৌৰাণিক কীৰ্তিচিহ্ন সমূহ সংৰক্ষণ আৰু সৌন্দৰ্যকৰণ ব্যৱস্থা কৰাৰ দাবীত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.