ভাওনাৰ মঞ্চত বিকৃত আচৰণক লৈ কি আহ্বান জনালে শংকৰজ্যোতি বৰুৱাই - ভাওনাৰ বিকৃত কৰণ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13398393-thumbnail-3x2-hjfyu.jpg)
এখন জনপ্ৰিয় ধাৰাবাহিকৰ কেইগৰাকীমান অভিনেতাই ভাওনাক বিকৃতকৰণ কৰাক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যতে ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । ভাওনা আৰু বিহুক সময়ে সময়ে বিকৃত কৰি আমাৰ সংস্কৃতিত চৰম ভাৱে আঘাত সানি অহা হৈছে, এই কথা অতি দুৰ্ভাগ্যজনক বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই । আমাৰ সাতামপুৰুষীয়া পৰম্পৰা, সংস্কৃতি, আমাৰ চিনাকি, আমাৰ স্বভিমানক বিকৃত ৰূপত উপস্থাপন কৰা কাৰ্যৰ শীঘ্ৰে ভুল উপলব্ধি কৰি ক্ষমা খোজক বুলিও তেওঁ শিল্পী সকলক আহ্বান জনাই আহিছে । ভৱিষ্যতৰ দিনত উঠি অহা প্ৰজন্মক বিপথে পৰিচালিত হোৱাৰ কাম যাতে কেতিয়াও নকৰে তাৰ বাবেও আহ্বান জনায় আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে ।