বানাক্ৰান্তৰ মাজত খাদ্য বিতৰণ আছুকৰ্মীৰ - Nalbari AASU
🎬 Watch Now: Feature Video

টিহু আঞ্চলিক ছাত্ৰ সন্থা আৰু টিহু উত্তৰাঞ্চল ৰঙালী বিহু সন্মিলনীৰ যৌথ উদ্যোগত সোমবাৰে নিশা বানাক্ৰান্তৰ মাজত যোগান ধৰা হয় খাদ্য ৷ নলবাৰী জিলাৰ টিহুৰ বৃহত্তৰ অংশ বানে প্লাৱিত কৰাৰ ফলত বিপদৰ সন্মুখীন হৈছে বহু লোক ৷ তিনিটাকৈ অস্থায়ী শিবিৰৰ প্ৰায় 350 লোকৰ মাজত নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠকৰ নেতৃত্বত আছুৰ সদস্যসকলে সোমবাৰে নিশা খাদ্যৰ যোগান ধৰে ৷