সংখ্যালঘু ৰাইজৰ শিক্ষাৰ উত্তৰণ হোৱাটো নিবিচাৰে শিক্ষামন্ত্ৰীয়ে : ৰেজাউল কৰিম সৰকাৰ - সংখ্যালঘু সম্প্ৰদায়
🎬 Watch Now: Feature Video
ৰাজ্যৰ ছাত্ৰ সংগঠনসমূহৰ নেতৃবৰ্গৰ সৈতে অনুষ্ঠিত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বৈঠকক লৈ প্ৰতিক্ৰিয়া ব্যক্ত আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ । আমছুৰ সভাপতিগৰাকীয়ে সংখ্যালঘু সম্প্ৰদায়ক উপেক্ষিত কৰি শিক্ষামন্ত্ৰীয়ে এই বৈঠকখন অনুষ্ঠিত কৰাৰ অভিযোগ কৰিছে ৷ উল্লেখ্য যে, ৰাজ্যৰ শৈক্ষিক উত্তৰণৰ উদ্দেশ্যৰে কিছুদিন পূৰ্বে গুৱাহাটীত ৰাজ্যৰ জাতীয় সংগঠনসমূহক লৈ শিক্ষামন্ত্ৰীয়ে এখন বৈঠক অনুষ্ঠিত কৰিছিল । উক্ত বৈঠকত সংখ্যালঘু সম্প্ৰদায়ৰ পৰা প্ৰতিনিধিত্ব কৰা আমছুৰ কোনো বিষয়ববীয়াক আমন্ত্ৰণ কৰা হোৱা নাছিল । ইয়াৰ পাছতে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সংখ্যালঘু সম্প্ৰদায়ক উপেক্ষিত কৰি এই বৈঠক অনুষ্ঠিত কৰাৰ লগতে সংখ্যালঘু ৰাইজৰ শিক্ষাৰ উত্তৰণত হোৱাটো নিবিচাৰে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷