আৰক্ষী বিষয়া নৱ কুমাৰ বৰাৰ "অ' মোৰ মৰমৰ মিজো ভাই" শীৰ্ষক গীত উন্মোচন

By

Published : Oct 3, 2021, 6:40 PM IST

thumbnail
সীমা বিবাদক কেন্দ্ৰ কৰি অসম আৰু মিজোৰাম সীমান্তত যি মৰ্মান্তিক ঘটনা সংঘটিত হৈছিল তাৰ বাবে অসম তথা অসমৰ সীমান্তৱৰ্তী অঞ্চল সমূহত আজিও এক চেপা উত্তেজনাই বিৰাজ কৰি আছে ৷ সাতভনী হিচাপে জনাজাত উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ সীমা বিবাদে এতিয়া সম্প্ৰীতিৰ এনাজৰী দাল বিনষ্ট কৰা পৰিলক্ষিত হৈছে ৷ কাৰ ভুলৰ বাবে এনে ধৰণৰ অপ্ৰীতিকৰ ঘটনা সমূহ সংঘটিত হ'বলৈ ধৰিছে এই সকলো সমস্যাৰ সমাধান কৰি সাতভনীৰ মাজত থকা সম্প্ৰীতিৰ এনাজৰী দাল যাতে আৰু শক্তিশালী হয় তাৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষী দিৱসৰ দিনা নামৰূপৰ উপ আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰাৰ স্বৰচিত এটি গীত "অ মোৰ মৰমৰ মিজো ভাই" আনুষ্ঠানিকভাৱে উন্মোচন কৰে ৷ গীতটিৰ জড়িয়তে সাতভনী হিচাপে জনাজাত ৰাজ্যৰ সমূহৰ মাজত যাতে তেনে হিংসাত্মক ঘটনা পুনৰ সংঘটিত নহয় লগতে সম্প্ৰীতিৰ এনাজৰী দাল যাতে আৰু শক্তিশালী হয় তাৰ বাবে এক বাৰ্তা প্ৰেৰণৰ চেষ্টা কৰিছে আৰক্ষী বিষয়াজনে ৷ ইতিমধ্যে উন্মোচনৰ পূৰ্বে সামাজিক মাধ্যমত গীতটোৱে ৰাইজৰ সমাদৰ লাভ কৰিছে । উল্লেখ যে, এই গৰাকী নামৰূপৰ উপ-আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰাই অপৰাধীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ সমান্তৰালভাৱে সংগীত চৰ্চাও কৰি আহিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.