নগাঁৱৰ ৰাজপথত জ্বলিল চলন্ত ট্ৰাক - জুই নিৰ্বাপণ
🎬 Watch Now: Feature Video

শুকুৰবাৰে নগাঁৱৰ ৰাজপথত চলন্ত অৱস্থাতে দাউ দাউকৈ জ্বলিল এখন সামগ্ৰী কঢ়িওৱা ট্ৰাক ৷ নগাঁও চহৰ অভিমুখে আহি থকা ট্ৰাকখনত হঠাৎ অগ্নিকাণ্ড সংঘটিত হয় চলন্ত অৱস্থাতে। চহৰৰ সমপীৰ বৰভেটিত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। লগে লগেই অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয়। কাৰিকৰী বিজুটিৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। এই ঘটনাত ৰক্ষা পৰে ট্ৰাকখনত থকা চালক সহ
আন সহযোগী সকল ৷