ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক বক্সিঙত 8 টা সোণৰ পদকেৰে উজলিল গোলাঘাটৰ খেলুৱৈ - 8 kick boxing players bring pride to Golaghat

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 14, 2021, 9:35 PM IST

ৰাজ্য তথা গোলাঘাটলৈ গৌৰৱ কঢ়িয়াই আনিলে গোলাঘাটৰ 8 গৰাকীকৈ কিক বক্সিং খেলুৱৈয়ে ৷ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক বক্সিং প্ৰতিযোগিতাত 8 টাকৈ সোণৰ পদক অৰ্জন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম উজলালে গোলাঘাট এই 8 গৰাকী উদীয়মান খেলুৱৈয়ে ৷ "RURAL AMATURE NATIONAL GAME" ৰ উদ্যোগত গোৱাৰ পেডিয়াম ষ্টেডিয়ামত 4,5 আৰু 6 চেপ্তেম্বৰত অনুষ্ঠিত হৈছিল এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক বক্সিং প্ৰতিযোগিতা খন ৷ প্ৰশিক্ষক ৰাজেশ গুপ্তাৰ নেতৃত্বত অংশগ্ৰহণ কৰা এই 8 গৰাকী খেলুৱৈ নিজৰ নিজৰ শাখাত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় ৷ সোণৰ পদক অৰ্জন কৰা খেলুৱৈ সকল ক্ৰমে চয়নিকা দত্ত, উত্তম বল্লভ গোস্বামী, মানসী পাল, দেৱাংগ পল্লব শইকীয়া, ৰঞ্জন নাথ, বিশাল গুপ্তা, মিলন বৰতামুলী আৰু ৰিতুমণি নাথ ৷ উল্লেখযোগ্য যে, কিক বক্সিং ক্ষেত্ৰত আন্তঃগাঠনি নোহোৱাৰ স্বত্বেও ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াবলৈ সক্ষম হোৱা এই খেলুৱৈ সকলে খেলৰ ক্ষেত্ৰত আগবাঢ়ি আহিবলৈ চৰকাৰক অনুৰোধ জনাইছে ৷ মূলত খেলৰ সা-সুবিধা সমূহ প্ৰদান কৰিবলৈ আহ্বান জনায় খেলুৱৈ সকলে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.