thumbnail

By

Published : Jan 26, 2022, 10:59 AM IST

ETV Bharat / Videos

যোৰহাটত 73 তম গণৰাজ্য দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী অতুল বৰাৰ

ক’ভিডৰ তৃতীয় ঢৌৰ সংমক্ৰণৰ মাজতে দেশে বুধবাৰে উদযাপন কৰিছে গণৰাজ্য দিৱসৰ কাৰ্যসূচী (73rd Republic day celebration amidst Covid Pandamic) ৷ সমগ্ৰ দেশৰ লগতে যোৰহাটতো ৭৩ তম গণৰাজ্য দিৱস উদযাপন (73rd Republic day celebration in Jorhat) ৷ কৃষি তথা সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই উত্তোলন কৰে দেশৰ ত্ৰিৰংগা পতাকা ৷ কিন্তু ক’ভিড প্ৰট’কলৰ বাবে কিছু পৰিমাণে ম্লান পৰে গণৰাজ্য দিৱসৰ আনন্দ-উল্লাস ৷ কোনো ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী অবিহনে যোৰহাটৰ কাছাৰী ময়দানত পতাকা উত্তোলন কৰে কৃষি মন্ত্ৰী বৰাই ৷ পেৰেডৰ অভিবাদন গ্ৰহণ কৰাৰ পাছতেই দেশৰ পতাকা উত্তোলন কৰি ভাষণ প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৷ ক’ভিডৰ বাবেই ভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক আজিৰ দিনটোত চৰকাৰীভাৱে জনোৱা সম্বৰ্ধনা অনুষ্ঠান স্থগিত ৰাখি ঘৰে ঘৰে সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছে যোৰহাট জিলা প্ৰশাসনে ৷ গণৰাজ্য দিৱসৰ উদযাপনস্থলীত জন সমাগমতো চৰকাৰে বাধা আৰোপ কৰাৰ বাবে এইবেলি পেৰেডৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা নাই বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে ৷ এই দিৱসৰ লগত সংগতি ৰাখি জিলা প্ৰশাসনে বিভিন্ন অনুষ্ঠানত ফল-মূল বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.