মাজুলীত বানত বুৰিল 70 খন ৰাজহ গাঁও - মাজুলীৰ বান পৰিস্থিতি
🎬 Watch Now: Feature Video

ক্ৰমাৎ জটিলতাৰ দিশে আগবাঢ়িছে মাজুলীৰ বান পৰিস্থিতি ৷ ব্ৰহ্মপুত্ৰৰ জলস্তৰ ক্ৰমশঃ বৃদ্ধি পোৱাৰ ফলত জিলাখনৰ মথাউৰিৰ বাহিৰৰ নদীপৰীয়া আৰু চাপৰি অঞ্চলসমূহত বৃদ্ধি পাইছে বানৰ প্ৰকোপ । এতিয়ালৈকে জিলাখনৰ ৭০ খন ৰাজহ গাঁৱৰ ৫৯,১৬৪ গৰাকী লোক পৰিছে এই বানৰ কৱলত ৷ খাৰজানপাৰ এলেকাৰ বন্যাৰ্তৰ বাবে খাৰজানপাৰ প্ৰাথমিক বিদ্যালয়ত ১টা সাহায্য শিবিৰৰ পাচত নামনি মাজুলীৰ কৰতিপাৰ গাঁও পঞ্চায়ত কাৰ্যালয়ত মুকলি কৰা হয় দ্বিতীয়টো বান সাহায্য শিবিৰ ৷