শদিয়া সমষ্টিত উপস্থিত নামনি অসমৰ বিধায়কৰ প্ৰতিনিধি দল
🎬 Watch Now: Feature Video
মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আৰম্ভ কৰা উজনি অসম ভ্ৰমণৰ কাৰ্যসূচীৰ অংশ হিচাপে বুধবাৰে নামনি অসমৰ বিধায়কৰ এটা দল শদিয়া সমষ্টিত উপস্থিত হয় । শদিয়াৰ কাকপথৰ তেজি গাঁৱত তেওঁলোকক আদৰিবলৈ এক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ নেতৃ্ত্বত যোৱা দলটোৱে গাঁওখনত উপস্থিত হৈ কলা-সংস্কৃতি, আন্তগাঁঠনি, জীৱন-প্ৰণালী সন্দৰ্ভত মত-বিনিময় কৰে ৷ পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, বৰমাৰ বিধায়ক ভূপেন বড়ো, বৰপেটাৰ বিধায়ক আব্দুল ৰহিম আহমেদ, উদৰবন্দৰ বিধায়ক মিহিৰ কান্তি চুঙৰ লগতে স্থানীয় শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াও এই অনুষ্ঠানত উপস্থিত থাকে । এই অনুষ্ঠানটিত মৰাণ বিহু, কোলাবৰী নৃত্য পৰিৱেশন কৰে স্থানীয় শিল্পীসকলে ৷ ইয়াৰ পিছত বিধায়কৰ দলটোৱে শদিয়া সমষ্টিৰ ধলা ডাঙৰী অঞ্চললৈ ৰাওনা হয় ৷ নেমু খেতিৰ বাবে জনাজাত উজনিৰ গাঁওখন ভ্ৰমণ কৰাৰ পিছত বিধায়কৰ দলটোৱে এখন আহোম গাঁও আৰু এখন মিচিং গাঁও ভ্ৰমণ কৰিব । ইতিমধ্যে, ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ কেইবাখনো গাঁও ভ্ৰমণ কৰে বিধায়কৰ দলটোৱে ।