ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত বজালীৰ অব্ধিজাৰ
🎬 Watch Now: Feature Video
নলবাৰী জিলাৰ টিহু নিৱাসী লোহিত বৈশ্য আৰু পৰি কাকতিৰ 5 বছৰীয়া কন্যা অব্ধিজা বৈশ্যই নাম অন্তৰ্ভুক্ত কৰিছে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ (India Book Of Records)ত ৷ বিশ্বৰ চাৰিখন ৰাষ্ট্ৰ ক্ৰমে- ভাৰত, নেপাল, অষ্ট্ৰেলিয়া আৰু কানাডাৰ ৰাষ্ট্ৰীয় সংগীত (National Anthem) পৰিৱেশন কৰাৰ উপৰিও সেই ৰাষ্ট্ৰসমূহৰ প্ৰতীক চিহ্নসমূহৰ বিষয়ে সলসলীয়াকৈ কৈ ৰেকৰ্ড কৰি নলবাৰীলৈ সুনাম কঢ়িয়াই আনিছে । সম্প্ৰতি শোণিতপুৰ জিলাৰ বালিপৰাৰ আছাম ভেলী স্কুল (Assam Valley School)ত UKG শ্ৰেণীত পঢ়ি আছে অব্ধিজা । অব্ধিজা বৈশ্যই এছিয়া বুক অৱ ৰেকৰ্ডছ (Asia Book Of Records) ত নাম সন্নিবিষ্ট কৰিবলৈ সম্প্ৰতি চেষ্টা চলাই আছে ।
Last Updated : Aug 8, 2021, 6:04 AM IST