11th Kalgachia book fair begins : ছদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কলগাছিয়া গ্ৰন্থমেলা - 11th kalgachia book fair begins
🎬 Watch Now: Feature Video
শনিবাৰৰে পৰা আৰম্ভ হৈছে একাদশ কলগাছিয়া গ্ৰন্থমেলা (11th Kalgachia book fair begins) ৷ ছদিনীয়াকৈ অনুষ্ঠিত হ’ব এই গ্ৰন্থমেলাখন ৷ গ্ৰন্থমেলাখন উদ্বোধন কৰে বৰপেটাৰ সাংসদ আব্দুল খালেকে (Barpeta MLA visits Kalgachia book fair) ৷ জিলাখনৰ জনীয়া সমষ্টিৰ অন্তৰ্গত কলগাছিয়া ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা এই গ্ৰন্থমেলাৰ পতাকা উত্তোলন কৰে বিশিষ্ট বুদ্ধিজীৱী ড৹ দীনেশ বৈশ্যই ৷ পতাকা উত্তোলনৰ পিছতেই আব্দুল খালেকৰ সভাপতিত্বত অনুষ্ঠিত হয় সাধাৰণ সভা (MP Abdul Khalek at Kalgachia 11th book fair) ৷ সভাত নলবাৰী সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা, লেখক ৰফিউল হুছেইন, বিশিষ্ট অতিথি বি বৰুৱা কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ দীনেশ বৈশ্য আৰু ভাৰতীয় কৰ সেৱা বিষয়া আছিকুৰ জামানকে আদি কৰি ভালেসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ৷