উত্তৰ গুৱাহাটীত ১০০ ফুট উচ্চতাৰ ৰাৱণ দাহ - উত্তৰ গুৱাহাটী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13368824-thumbnail-3x2-gsgs.jpg)
উত্তৰ গুৱাহাটী বাৰোৱাৰী দুৰ্গাপূজা প্ৰাংগণত এইবাৰৰ মূল আকৰ্ষণ আছিল ১০০ ফুট উচ্চতাৰ ৰাৱণ । সমাজৰ পৰা অপায়-অমংগল, অসূয়া শক্তিক বিনাশ কৰি এখন সুন্দৰ সমাজ গঢ়াৰ সংকল্পৰে উত্তৰ গুৱাহাটীত আয়োজন কৰা হয় এই ৰাৱণ দহনৰ কাৰ্যসূচী । গুৱাহাটীৰ চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়ৰ এটা যুৱ শিল্পীৰ দলে নিৰ্মাণ কৰে ৰাৱণৰ প্ৰতিমূৰ্তিটো । বাঁহ, কাপোৰ, কাগজ, ৰং আৰু বিভিন্ন ধৰণৰ থলুৱা সামগ্ৰীৰে নিৰ্মাণ কৰা হয় বিশালকায় ৰাৱণৰ প্ৰতিমূৰ্তি । এই ৰাৱণ দহন কাৰ্যসূচী চাবলৈ উত্তৰ গুৱাহাটীলৈ ব্যাপক জনসমাগম ঘটে । ৰাৱণ দহনৰ লগতে আতচবাজীৰো প্ৰদৰ্শন কৰা হয় ।
Last Updated : Oct 16, 2021, 10:36 AM IST