"ব্ৰেকিং দ্য ছাইলেঞ্চ"ৰ বাবে পাৰ্থজিৎ বৰুৱালৈ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা - পাৰ্থজিৎ বৰুৱা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11599750-536-11599750-1619844894344.jpg)
একাদশ দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱত উজ্বলিল অসম সন্তান । তথ্যচিত্ৰ শিতানত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ পাৰ্থজিৎ বৰুৱাই । "ব্ৰেকিং দ্য ছাইলেঞ্চ"ৰ বাবে এই বঁটা লাভ কৰে যুৱ পৰিচালকগৰাকীয়ে । পাৰ্থজিৎ বৰুৱা পুণেস্থিত নেশ্যনেল ফিল্ম আৰ্কাইভ অৱ ইণ্ডিয়াৰ এগৰাকী শিক্ষাবিদ আৰু চলচ্চিত্ৰ গৱেষক । 'ফেচ টু ফেচ: দ্য চিনেমা অৱ আদুৰ গোপালকৃষ্ণন (হাৰ্পাৰকলিন্স)' নামৰ গ্ৰন্থখনৰ লেখক পাৰ্থজিৎ বৰুৱাৰ আন কেইখনমান তথ্যচিত্ৰ হৈছে ধেমাজি ট্ৰেজেডী, লক্ষ্মী ওৰাং, ৰীমা পাংগিং । এই তথ্যচিত্ৰ কেইখনৰ বাবেও তেওঁ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । বৰ্তমান গুৱাহাটীৰ বাসিন্দা পাৰ্থজিৎ বৰুৱাই পুণে বিশ্ববিদ্যালয়ত ইংৰাজী সাহিত্য অধ্যয়ন কৰিছিল । পিছত তেওঁ পুণেস্থিত এফটিআইআইতো অধ্যয়ন কৰে । ২০১০ চনত তৰংগাৰ বাবে তেওঁ প্ৰাগ চেনেল চলচ্চিত্ৰ সমালোচকৰ বঁটা লাভ কৰে । তেওঁৰ তথ্যচিত্ৰ লক্ষ্মী ওৰাং: ৰাইজিং ফ্ৰম দ্য গ্ৰেভৰ বাবেও তেওঁক একাধিক বঁটাৰে সন্মানিত কৰা হৈছে ।