thumbnail

By

Published : Jan 1, 2022, 5:36 PM IST

Updated : Jan 2, 2022, 6:52 AM IST

ETV Bharat / Videos

"মাম্মা" বুলি মাাতিলে ভামিকাই, আনন্দিত হৈ ভিডিঅ' শ্বেয়াৰ কৰিলে অনুষ্কাই

বলীউডৰ অভিনেত্ৰী তথা প্ৰযোজক অনুষ্কা শৰ্মা আৰু তেওঁৰ স্বামী তথা ক্ৰিকেটাৰ বিৰাট কোহলীয়ে এইবাৰ দক্ষিণ আফ্ৰিকাত পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে নৱবৰ্ষ উদযাপন কৰিছে । এই আনন্দৰ সময়তে অনুষ্কাই শ্বেয়াৰ কৰিছে এটা ভিডিঅ', য'ত তেওঁৰ ১১ মহীয়া কন্যা ভামিকাই তেওঁক "মাম্মা" বুলি মাতিছে (Vamika calls Anushka as 'Mumma') । লগতে নৱবৰ্ষ উদযাপনৰ সময়ৰ ভিডিঅ'ও শ্বেয়াৰ কৰিছে অনুষ্কাই (Anushka Sharma's New Year Video) । সোমবাৰৰ পৰা আৰম্ভ হোৱা দ্বিতীয় টেষ্ট মেচৰ বাবে বৰ্তমান দক্ষিণ আফ্ৰিকাতে আছে অনুষ্কা-বিৰাট । অনুষ্কা শৰ্মাই শেহতীয়াকৈ এটা ভিডিঅ' শ্বেয়াৰ কৰিছে আৰু এই ভিডিঅ'টোতে ভামিকাই তেওঁক "মাম্মা" বুলি সম্বোধন কৰা শুনা হৈছে । অৱশ্যে ভামিকাক ভিডিঅ'টোত দেখুওৱা নাই । ভিডিঅ'টো শ্বেয়াৰ কৰি অনুষ্কাই লিখিছে যে, এই বছৰটোৱে তেওঁলোকক আটাইতকৈ ডাঙৰ সুখ দিছে । সেয়ে তেওঁ ২০২১ বৰ্ষটোক কৃতজ্ঞতাৰে বিদায় জনায় । ২০২১ চনৰ ৩১ ডিচেম্বৰৰ সন্ধিয়া অনুষ্কাই এই ভিডিঅ'টো শ্বেয়াৰ কৰে । ভিডিঅ'টোত বিৰাটক বগা কেজুৱেল টি-চাৰ্ট পিন্ধা দেখা গৈছিল আৰু অনুষ্কাক ক'লা আৰু বগা ৰঙৰ সুন্দৰ পোছাক পৰিধান কৰা দেখা গৈছিল । কেক কাটি নৱবৰ্ষ উদযাপন কৰা দেখা গৈছিল সকলোকে(Anushka-Virat New Year celebrations) । উল্লেখ্য যে, বিগত বৰ্ষত মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত ভামিকাক জন্ম দিছিল অনুষ্কাই ।
Last Updated : Jan 2, 2022, 6:52 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.