thumbnail

Sankar Sangha Adhiveshan: দ্বিতীয় দিনাও হৰিনামেৰে মুখৰিত ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰ

By

Published : Feb 26, 2022, 4:55 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 91 সংখ্যক নাহৰকটীয়া অধিৱেশন (Sankar Sangha Adhiveshan at Naharkatia) ৷ সেই উপলক্ষে দ্বিতীয় বৈকুণ্ঠধামত পৰিণত নাহৰকটীয়াৰ ৰাঙলী পথাৰ ৷ শনিবাৰে অধিৱেশনৰ দ্বিতীয়টো দিনতো (Second day of 91st annual session of srimanta sankardev sangha) হৰিনামেৰে মুখৰিত হৈছে ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰ । অধিৱেশনৰ আৰম্ভণিতে বতৰে কিছু বিধি-পথালি দিছে যদিও শনিবাৰে পুৱা প্ৰতিকূল বতৰৰ মাজতে অনুষ্ঠিত হৈছে পৰিৱেশ নিকাকৰণ, প্ৰাতঃ প্ৰসংগ, নাম-প্ৰসংগ আদি ৷ দিনটোৰ পিছৰচোৱা সময়ত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা সোঁৱৰণী মূল মঞ্চত অনুষ্ঠিত হ'ব সাহিত্য শাখা সমিতিৰ অধিৱেশন । এই সভাতে বিভিন্ন শিতানৰ বঁটা প্ৰাপক আৰু বিশ্ববিদ্যালয়ৰ হিতৈষী সদস্যসকলক সম্বৰ্ধনা জনোৱা হ'ব । এই সভাতে বৰেণ্য সাহিত্যিক নগেন শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ লীলাকান্ত নাথ, বৈষ্ণৱ সাহিত্যৰ বিশিষ্ট গৱেষক দীনেশ কুমাৰ চৌবে, বিশিষ্ট সাহিত্যিক ঋষিকেশ গোস্বামী, শিক্ষা বিভাগৰ উপদেষ্টা ড৹ ননীগোপাল মহন্তকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব ৷ ইফালে বিয়লিলৈ অনুষ্ঠিত হ'বলগা সাংস্কৃতিক শাখা সমিতিৰ অধিৱেশনত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন কণ্ঠশিল্পী তৰালী শৰ্মা, সংগীত নাটক অকাডেমী বঁটা প্ৰাপক হৰিচৰণ ভূঞা বৰবায়ন, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী বিষ্ণু খাৰঘৰীয়া আদি উপস্থিত থাকিব ।
Last Updated : Feb 3, 2023, 8:17 PM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.