thumbnail

By

Published : Feb 26, 2022, 7:44 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

ETV Bharat / Videos

Ram Nath Kovind Assam Visit: হঠাৎ গাড়ীৰ পৰা নামি জনতাক অভিবাদন ৰাষ্ট্ৰপতিৰ

বোকাখাতত বিমানৰ পৰা নামাৰ পাছত গাড়ীৰে কাজিৰঙা লৈ যাত্ৰা কৰাৰ পথত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ নামি দিলে বোকাখাতৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৷ হাজাৰ হাজাৰ শিক্ষাৰ্থী, দৰ্শনাৰ্থী, সাংস্কৃতিক দলে বোকাখাতত ভীৰ কৰিছিল পুৱাৰে পৰা ৷ জনতাৰ পাৰভঙা উছাহক সন্মান জনাই বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত হঠাৎ গাড়ীৰ পৰা নামি ৰাষ্ট্ৰপতিগৰাকীয়ে সকলোকে অভিবাদন জনালে ৷ হাত জোকাৰি কণমানি শিক্ষাৰ্থীক উৎসাহিত কৰে ৰাষ্ট্ৰপ্ৰধানজনে ৷ তেজপুৰৰ পৰা বায়ুসেনাৰ বিশেষ বিমানেৰে বোকাখাতৰ অস্থায়ী হেলিপেডত ৰাষ্ট্ৰপতিয়ে অৱতৰণ কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অতুল বৰাই আদৰণি জনায় ৷ পথৰ দাঁতিত গায়ন-বায়ন, সত্ৰীয়া নৃত্য, ভোৰতাল নৃত্য, বিহু, ঝুমুৰ আদি পৰিৱেশন কৰি স্বাগতম জনায় ৰাষ্ট্ৰপতিগৰাকীক ৷ সাংস্কৃতিক কাৰ্যসূচী প্ৰত্যক্ষ কৰি কাজিৰঙালৈ স্থলপথেৰে যাত্ৰা কৰে সপত্নীক ৰাষ্ট্ৰপতিয়ে (Ram Nath Kovind in Kaziranga)৷
Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.