Zubin Garg concert: ধমধমাত জুবিন গাৰ্গৰ গীতৰ মূৰ্চনা - ধমধমাত জুবিন গাৰ্গৰ গীতৰ মূৰ্চনা
🎬 Watch Now: Feature Video


Published : Oct 26, 2023, 1:34 PM IST
নলবাৰী,২৬ অক্টোবৰ : এইবাৰ শান্ত-শিষ্ট ৰূপত জুবিন গাৰ্গ । নলবাৰীৰ ধমধমা আঞ্চলিক দুৰ্গা পূজাৰ শতবাৰ্ষিকী মহোৎসৱৰ বুধবাৰে অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে ৷ মঞ্চত নাই কোনো বিতৰ্কিত মন্তব্য । এটাৰ পিছত আন এটা গীত পৰিৱেশন কৰি গ'ল হাৰ্টথ্ৰৱ জুবিন গাৰ্গে ৷
হাজাৰ হাজাৰ দৰ্শকৰ উপস্থিতিৰে য়ালীৰ পৰা দিল টু হী বটা লৈ, কি নাম দি মাতিমৰ পৰা দিন জ্বলে ৰাতি জ্বলে, মায়া মাথো মায়া, মোৰ মনৰে কল্পনা আদি জনপ্ৰিয় গীতেৰে মন্ত্ৰ মুগ্ধ কৰিলে জুবিন গাৰ্গে । সদায় সমালোচনাত থকা জুবিন গাৰ্গে ধমধমাৰ মঞ্চত গীতেৰে সকলো দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয় ।
লগতে পঢ়ক : Bhaona Samaroh at Tiloinagar : মৰাণৰ তিলৈনগৰত পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন ভাওনা সমাৰোহ