Zubeen Garg in Morigaon : আলফা(স্বা)ই বিহা মৃত্যুদণ্ড সন্দৰ্ভত কি ক’লে জুবিন গাৰ্গে ?

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 8:40 PM IST

thumbnail

মৰিগাঁও, 7 নৱেম্বৰ : আলফা(স্বা)ই যিদৰে মৃত্যুদণ্ড বিহিছে সেইদৰে চৰকাৰেও মৃত্যুদণ্ড দিব নোৱাৰে ৷ মৃত্যুদণ্ডৰ চিন্তাধাৰা ভুল ৷ এই ভুলবিলাক শুধৰাব লাগে ৷ তেনেদৰে পৃথিৱী নচলে এতিয়া ৷ নহ’লে পাচত সকলোৱে পস্তাব লাগিব ৷ মৰিগাঁৱত মঙলবাৰে এইদৰে মন্তব্য কৰে জুবিন গাৰ্গে ৷

মঙলবাৰে মৰিগাঁৱৰ জাগীৰোডস্থিত সীতাজখলাত উপস্থিত হয় শিল্পী জুবিন গাৰ্গ ৷ শিল্পীগৰাকী অহাৰ খবৰ পাই উধাতু খাই আহিল এগৰাকী অনুৰাগী ৷ অনুৰাগীগৰাকীয়ে প্ৰিয় শিল্পীগৰাকীৰ সন্মুখতে পৰিৱেশন কৰিলে এটি জনপ্ৰিয় গীত ৷ ইয়াদুল নামৰ জুবিন গাৰ্গৰ অনুৰাগীগৰাকীয়ে পৰিৱেশন কৰা গীতত মুগ্ধ হ’ল জুবিন গাৰ্গ ৷

আনহাতে যতীন বৰাৰ ৰাঘৱ ছবিক লৈ হোৱা বিতৰ্কৰ সন্দৰ্ভত জুবিন গাৰ্গে কয় যে চিনেমা আৰু গানক লৈ ৰাজনীতি কৰিব নাপায় ।

লগতে পঢ়ক :  Zubeen Garg in Morigaon: জিলা দিৱসত মৰিগাঁৱত জুবিন গাৰ্গৰ সংগীতৰ মায়াজাল; তালে তালে অনুৰাগীৰ নৃত্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.