Zubeen Garg program : যোৰহাটত বোকা নৃত্য বা হেলমেট নৃত্যকো চেৰ পেলালে ধূলি নৃত্যই - ধূলি নৃত্য
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-18498228-thumbnail-16x9--.jpg)
যোৰহাট, 13 মে’: জুবিন গাৰ্গৰ অনুষ্ঠানত এইবাৰ বোকা নৃত্য বা হেলমেট নৃত্য নহয়, এইবাৰ ধূলি নৃত্য। ধূলি উৰুৱাই উৰুৱাই যোৰহাটত জুবিন গাৰ্গৰ গীতৰ তালে তালে নাচিলে এদল অনুৰাগীয়ে (Zubeen Garg program in Jorhat) ৷ শুকুৰবাৰে নিশা যোৰহাটত হাৰ্টথ্ৰব জুবিন গাৰ্গৰ অনুষ্ঠানত ল’ৰালি ৰোমন্থন কৰিলে কণ্ঠশিল্পীগৰাকীয়ে ৷ কণ্ঠশিল্পীগৰাকীয়ে লগতে কয়, "মোৰ অনুষ্ঠানবোৰৰ কাৰণে আৰক্ষীসকলৰ বৰ কষ্ট হয় ৷ তেওঁলোকক বিশেষকৈ মোৰ অনুষ্ঠানৰ কাৰণে বগুৱা বাবলৈ প্ৰশিক্ষণ এটাও দিব লাগিব (Sand dance in jorhat) ৷ "
উল্লেখ্য যে প্ৰিয় কণ্ঠশিল্পীগৰাকীৰ অনুষ্ঠান উপভোগ কৰিবলৈ অভূতপূৰ্ব ৰাইজ উপস্থিত হয় ৷ কিছুসংখ্যক জুবিন অনুৰাগীয়ে গছৰ ওপৰত বগাইও অনুষ্ঠান উপভোগ কৰে।
লগতে পঢ়ক: Karnataka Poll Results: ভাৰত জোড়ো যাত্ৰাৰ প্ৰতিফলন কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ ফলাফল: এটুৱা মুণ্ডা