New Assamese Film: নতুন ছবিৰ দৃশ্যগ্ৰহণত ব্যস্ত জুবিন গাৰ্গ

By

Published : Jun 17, 2023, 7:35 PM IST

thumbnail

যোৰহাট,১৭ জুন: এইবাৰ অনন্য ৰূপত হাৰ্টথ্ৰৱ জুবিন গাৰ্গ । বৈপ্লৱিক শিল্পী হিচাপে হিচাপে যোৰহাটত দেখা গ'ল হাৰ্টথ্ৰৱ জুবিন গাৰ্গক । জুবিন গাৰ্গে আৰম্ভ কৰা অসমীয়া ছৱি জয়যাত্ৰা বৰ্তমানেও অব্যাহত আছে আৰু অসমবাসীয়ে এতিয়া অসমীয়া ছবি চাবলৈ ছবি গৃহত ব্যাপক হাৰত ভিৰ পৰিলক্ষিত হৈছে ।  বিশিষ্ট সাহিত্যিক ড৹ নগেন শইকীয়াৰ "ষ্টাফ ফটোগ্ৰাফাৰৰ ছবি" গল্পৰ আধাৰত নিৰ্মিত অসমীয়া ছৱি "ওৱাইড এংগল"ত ব্যতিক্ৰমী ৰূপত অসমৰ ৰাইজে দেখিবলৈ পাব শিল্পী জুৱিন গাৰ্গক । ওৱাইড এংগল ছৱি খন সম্পূৰ্ণ আন্দোলনৰ পটভূমিত নিৰ্মাণ হ'বলগীয়া ছবি ।  

শনিবাৰে যোৰহাট বিভিন্ন প্ৰান্তত ছবিখন দৃশ্য গ্ৰহণ হৈ থকা সময়ত সাংবাদিক সৈতে হোৱা এক বাৰ্তালাপত জুবিন গাৰ্গে কয় যে তেওঁক এই ছবিখনত বৈপ্লৱিক শিল্পী ৰূপত ৰাইজে বিচাৰি পাব । ক'ভিদৰ পিছত অসমীয়া ছবি দৰ্শক মাজলৈ আহিছে আৰু বাণিজ্যকভাৱে সফলতা লাভ কৰিছে । আনহাতে জুবিন গাৰ্গৰ দুখনকৈ ছবি "চিকাৰ" আৰু "ৰৈ ৰৈ বিনালে" ছবিখনৰ শ্বুটিং বিদেশৰ বিভিন্ন লোকেচনত আৰম্ভ হ'ব বুলি জানিবলৈ দিয়ে । 

ইফালে জুবিন গাৰ্গৰ "চিকাৰ" নাম ছবিখনত এটা আদিবাসী চৰিত্ৰত শিল্পীগৰাকীক ৰাইজে দেখিবলৈ পাব বুলি মন্তব্য প্ৰদান কৰে । অন্যহাতে "ওৱাইড এংগল"ত ছৱিখনৰ শ্বুটিঙত দুদিন ধৰি ব্যস্ত হৈ আছে জুবিন গাৰ্গ । আনহাতে জুবিন গাৰ্গে সংগীত পৰিচালনা কৰা আৰু কন্ঠ নিগৰোৱা "দ্য শ্লেমবুক" নামৰ ছবিখন ৩০ জুনত অসমৰ ছবিগৃহত মুক্তি লাভ কৰিব । 

লগতে পঢ়ক: Flood in Assam : নীপকোৰ পানীয়ে বুৰালে লখিমপুৰ জিলা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.