Bamboo business in Dhemaji: ৰাজপথৰ আন্দোলন এৰি স্বাৱলম্বীতাৰ সংগ্ৰাম এসময়ৰ জাতীয়তাবাদী সংগঠনৰ নেতাৰ - Self reliance ex AJYCP Leader
🎬 Watch Now: Feature Video
অৱশেষত ৰাজপথৰ আন্দোলন ত্যাগ কৰি আৰম্ভ কৰিলে স্বাৱলম্বীতাৰ সংগ্ৰাম(Self-reliance ex AJYCP Leader) ৷ এসময়ত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি আৰু কেন্দ্ৰীয় সমিতিৰো দায়িত্বত থাকি জনসাধাৰণৰ সমস্যাৰ হকে ৰাজপথত ৰজাঘৰীয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা ধেমাজি নগৰৰ বাসিন্দা চিন্ময় শৰ্মা নামৰ লোকজনে ব্যৱসায়েৰে সলনি কৰিলে জীৱনৰ গতিপথ(AJYP ex president start bamboo business in Dhemaji) ৷ ধেমাজি নগৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ শংকৰদেৱ শিশু নিকেতনৰ সন্মুখতে আৰম্ভ কৰিলে Chinmay Sharmas Cane and Bamboo Handcraft নামৰ বাঁহ বেতৰ সামগ্ৰীৰ ব্যৱসায় ৷ জাঁপি জাকৈ, খালৈ, ঢৰা, পল আদি বাহঁ আৰু বেতৰ পৰা তৈয়াৰ কৰা বিভিন্ন সামগ্ৰী ইয়াত উপলব্ধ তেওঁৰ বিপনীত ৷ এই ব্যৱসায়ৰ লগত পৰোক্ষভাৱে জড়িত হৈ আছ স্থানীয় ডেৰশটা পৰিয়াল ৷ তেওঁৰ লক্ষ্য হৈছে বাঁহ বেতৰ শিল্পটোক জীয়াই ৰখাৰ লগতে স্বাৱলম্বীতাৰ বাবে এক অনন্য নিদৰ্শন দাঙি ধৰা ৷
Last Updated : Feb 3, 2023, 8:36 PM IST